NORTHEAST NOW (Assamese)

লিডুত ১ লাখ টকাৰ মূল্যৰ ব্ৰাউন চুগাৰসহ দুজনক আটক

September 7, 2019 10:07 pm · মানস প্ৰতিম গগৈ
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডু আৰক্ষীৰ চকীৰ অন্তৰ্গত টিৰাপ কলিয়ৰী অঞ্চলত লিডু আৰক্ষীয়ে আজি প্ৰায় ১ লাখ টকাৰ মূল্যৰ নিচাজাতীয় ব্ৰাউন চুগাৰসহ দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে আটকাধীন যুৱক দুজন ব্ৰাউন চুগাৰসহ এ এছ ২৩ ডব্লিউ ৫৩৮৩ নম্বৰৰ এখন ক’লা ৰঙৰ পালছাৰ মটৰচাইকেলেৰে জাগুনৰ পৰা লিডু অভিমুখে আহি আছিল।
সেই সময়তে গোপন সূত্ৰৰ ভিত্তিত পূৰ্বৰে পৰা খাপ পিটি থকা লিডু আৰক্ষীয়ে অভিযান চলাই ব্ৰাউন চুগাৰৰ লগতে যুৱক দুজনকো আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজনক জুনটো ঘোষ (কালা) আৰু জাকিৰ হুছেইন(বাবলু) বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান লিডু আৰক্ষীয়ে ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।
উল্লেখযোগ্য যে তিনিচুকীয়ালৈ অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা উজনিৰ কেইবাখনো জিলালৈ মাৰাত্মক ড্ৰাগছ সৰবৰাহ দীৰ্ঘদিন ধৰি হৈ আহিছে। আৰু আজি আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে বহু কেইটা ড্ৰাগছ মাফিয়াৰ গোপন তথ্য লাভ কৰাৰ সম্ভাৱনা আছে বুলি এক সুত্ৰত প্ৰকাশ।

Related News