পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ পেৰিছৰ আইফেল টাৱাৰ। প্ৰতিদিনে অসংখ্য লোক বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা দৰ্শন কৰিবলৈ যায় আইফেল টাৱাৰ। এনে দুই পৰ্যটকৰে আজৱ কাণ্ডই শেহতীয়াকৈ তীব্ৰ চৰ্চা লাভ কৰিছে।
যোৱা সোমবাৰে আইফেল টাৱাৰৰ ওপৰত নিদ্ৰাৰত অৱস্থাত উদ্ধাৰ হৈছে এই দুই মাৰ্কিন পৰ্যটক। আইফেল টাৱাৰৰ অপাৰেটৰ কৰ্মীয়ে জানিবলৈ দিয়া মতে, পুৱা ৯ বজাত মুকলিৰ পূৰ্বেই নিৰাপত্তাৰক্ষীয়ে দুই পৰ্যটকক টোপনিৰ পৰা জগাই দিয়ে।
দুই পৰ্যটকে পিছত নিৰাপত্তাৰক্ষীৰ আগত অত্যধিক মদ্যপান কৰাৰ বাবেই তেওঁলোক এইদৰে শুই পৰা বুলি স্বীকাৰ কৰে। দুয়ো টাৱাৰৰ দ্বিতীয় আৰু তৃতীয় স্তৰৰ মাজত গোটেই নিশা পাৰ কৰে।
অৱশ্যে মাৰ্কিন পৰ্যটক দুগৰাকীৰ এনে কাৰ্যৰ পৰা কোনো ধৰণৰ শংকাজনক ভাবুকি নাছিল বুলি নিৰাপত্তাৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰক্ষীৰ এক সূত্ৰই উল্লেখ কৰা মতে, দেওবাৰে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ১০:৪০ বজাত প্ৰৱেশ টিকটৰ বাবে ধন দিয়াৰ পিছত টাৱাৰৰ ওপৰৰ পৰা চিৰিৰে নামি যোৱাৰ সময়ত দুয়ো নিৰাপত্তাৰক্ষীৰ দৃষ্টিৰ পৰা ষাৰি যায়।
আৰক্ষীৰ সূত্ৰটোৱে লগতে উল্লেখ কৰা মতে পুৱা দুয়ো ব্যক্তিক ওপৰত উদ্ধাৰ কৰাৰ পিছত দুয়োকে তললৈ নমাই অনাৰ উদ্দেশ্যে বিশেষজ্ঞ গোটৰ লগতে অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হয়।
পিছত দুয়ো গৰাকীকে স্থানীয় আৰক্ষী থানালৈ সোধা-পোছাৰ বাবে লৈ যোৱাৰ বিপৰীতে আইফেল টাৱাৰৰ পৰিচালনা কৰ্তৃপক্ষই তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ দাখিল কৰিব বুলি জানিবলৈ দিয়ে।
ইফালে দুই পৰ্যটকক ওপৰত উদ্ধাৰ কৰাৰ ফলত সোমবাৰে পুৱা টাৱাৰটো জনসাধাৰণৰ বাবে মুকলি কৰাত প্ৰায় এঘণ্টা পলম হয় বুলি নিৰাপত্তাৰক্ষীয়ে সদৰী কৰিছে।