পেটৰ তাড়নাত বিচাৰি গৈছিল মাছ! দুই মাছমৰীয়া ভাই-ককাইক এনকাউণ্টাৰ বনকৰ্মীৰ

নগাঁৱৰ লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ এনকাউন্টাৰ নিহত হৈছে দুজন মাছুৱৈ। নগাঁৱৰ লাওখোৱা অভয়াৰণ্য চৰাইহাগী বন শিবিৰ এলেকাত মনে মনে মাছ মাৰিবলৈ যোৱা দুই মাছমৰীয়াক এনকাউন্টাৰ বন বিভাগৰ।

নিশা ৰৌমাৰী বিলত মনে মনে মাছ ধৰিবলৈ গৈছিল নিহত দুই ভাই-ককাই জলিল উদ্দিন আৰু ছমিৰ উদ্দিন।

নিহত দুই মাছুৱৈৰ ঘৰ জুৰীয়াৰ ধিং বৰি চাপৰি গাঁৱত।

নিশাই বন বিভাগৰ হাতত নিহত হোৱা দুই মাছমৰীয়াৰ মৃতদেহ নগাঁৱ চিভিল হস্পিতাললৈ লৈ যোৱা হয়।

ইতিমধ্যেই ঘটনাস্থলীত বৃহৎ আৰক্ষী , বন বিভাগৰ লোক  মোতায়েন কৰা হৈছে।

ইপিনে, দুই ভাই ককাই ক্ৰমে জলিল উদ্দিন আৰু ছমিৰ উদ্দিনক আৰক্ষীয়ে গুলিয়াই হত্যা কৰাৰ পাছতেই চাঞ্চল্যই বিৰাজ কৰিছে জুৰীয়াৰ ধিং বৰি চাপৰি গাঁৱত। পৰিয়ালৰ লোকৰ মাজতো উঠিছে কান্দোনৰ ৰোল।

স্থানীয় এজন লোকে জনোৱা মতে, “দুই ভাই ককাইয়ে মাছ মাৰিবলৈকে নাপালে।  গৈ থকা অৱস্থাতে গুলিয়াই হত্যা কৰিলে দুয়োকে। তেওঁলোক দুখীয়া মানুহ।  মাছ মাৰিয়েই ঘৰখন চলাই আছে। কেৱল তেওঁলোকেই নহয়। বহুতেই সেই বিলখনত মাছ মাৰে।”

এই ঘটনাৰ পিছত সাধাৰণ মানুহৰ মাজতো প্ৰশ্ন উত্থাপিত হৈছে –  মনে মনে মাছ মাৰিবলৈ যোৱা দুই ভাই-ককাই অস্ত্ৰধাৰী আছিল নেকি? যদি বন আইন ভংগ কৰিছে তেন্তে কৰ্তব্যত নিয়োজিত বনকৰ্মীয়ে আটক কৰি আৰক্ষীক গতাব নোৱাৰিলেহেঁতেন নেকি দুয়োজনক? কোনো বন্দুক-বাৰুদ নোলোৱাকৈ যদি বনাঞ্চলত মাছ মাৰিবলৈ যায় তেন্তে বনকৰ্মীক পোনপটীয়াকৈ গুলিয়াই হত্যা কৰাৰ অধিকাৰ ভাৰতীয় আইনে দিছে নে বন আইনে দিছে?

হয়তো, চোৰাংভাৱে বনাঞ্চলত মত্স চিকাৰ কৰাৰ অপৰাধত হয়তো প্ৰথমতে গ্ৰেপ্তাৰ কৰি কাৰাবাস বা জৰিমণা বিহিব পাৰে! কিন্তু প্ৰতিপক্ষই নুগুলিওৱাকৈ কিয় দুজনকৈ মাছমৰীয়াক গুলিয়াই হত্যা কৰা হ’ল বুলি সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে!

এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ছাহিদ ছান হকে ফেচবুকত লিখিছে – “মোৰ দুটা পুখুৰী আছে ৰাতি কোনোবাই চুৰি কৰিলে হানি খুচি হত্যা কৰিব পাৰিম নে?

অন্য এটা পোষ্টত তেওঁ কয়  – “গঁড় হত্যাকাৰীক ধৰিব নোৱাৰা বনকৰ্মীয়ে খাবলৈ এসাজ মাছ মৰা সাধাৰণ মানুহক গুলিয়াই হত্যা কৰে। এই খন অসমত মানুহত কৈ মূল্য পুঠী মাছৰ বেছি । আজিলৈ কিমান গঁড়ৰ খৰ্গ কাটি নিলে। এটাকো গুলিয়াব নোৱাৰা এইখন চৰকাৰৰ বিভাগে সাধাৰণ মানুহৰ ওপৰত এয়া ব্ৰিটিছৰ শাসন চলাইছে।”

দুৰ্লভ গগৈয়ে এই সন্দৰ্ভত লিখিছে এইদৰে – “প্ৰকৃতিত থকা খাল-বিলত মাছ মৰা মানুহলৈ চলোৱা গুলীকেইটা elephant corridor ত ডাঙৰ ডাঙৰ ৰিজৰ্ট, হোটেল বনোৱা মালিককেইটালৈও মাৰি দেখুৱা।”

ইপিনে, আন একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এই ঘটনাক লৈ আৰক্ষীক প্ৰশংসাৰে উপচাই পেলাই কমেন্টত প্ৰকাশ কৰিছে উল্লাস।