UPSC Exam ইউপিএছচিৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ দুই অসম সন্তান

চাহৰ দোকান দি পৰিয়াল পোহপাল দিছিল ৰাতুল ৰয়ৰ পিতৃয়ে

নৱবৰ্ষত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে দুগৰাকী অসম সন্তানে।

কালি ঘোষিত ইউপিএছচি মেইন পৰীক্ষা ২০২০ ত সফলতাৰে উত্তীৰ্ণ হৈ ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে অসমৰ দুগৰাকী প্ৰাৰ্থীয়ে ।

ইউপিএছচি মেইন পৰীক্ষা ২০২০ ত সফলতাৰে উত্তীৰ্ণ অসমৰ প্ৰাৰ্থী দুগৰাকী হৈছে ক্ৰমে ৰাতুল ৰয় আৰু নেহা বৰা। পাঠশালাৰ ৰাতুল ৰয়ে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী চিএপিএফ (এচি) পৰীক্ষাত উত্তীৰ্ণ হৈছে। ৰাতুলে লাভ কৰা নম্বৰ হৈছে ১৭৭।

এই পৰীক্ষা ইউনিয়ন পাব্লিক চাৰ্ভিচ পৰীক্ষা ২০২০ ৰ দ্বাৰা পৰিচালিত। মঙলবাৰে ইউপিএছচি-এ চিএপিএফ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে।

এটি দুখীয়া পৰিয়ালৰ সন্তান ৰাতুল ৰয়ৰ পিতৃ প্ৰয়াত সুৰথ ৰয় আৰু গোলাপী ৰয়।

ৰাতুলৰ পিতৃয়ে পাঠশালা চহৰত চাহৰ দোকান দি পৰিয়ালৰ পোহপাল দিছিল।

দেউতাকৰ মৃত্যুৰ পিছত, ৰাতুলে পঢ়া-শুনা আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সংগ্ৰাম কৰিব লগীয়া হৈছিল।

ৰাতুলে ২০০৬ চনত নৌসেনাত চাকৰি পাইছিল আৰু ২০২১ চনত স্বেচ্ছামূলক অৱসৰ লৈছিল ।

ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱাত অতি আনন্দিত হৈ পৰা ৰাতুল ৰয়ে কয়, “দৰিদ্ৰতাক এক প্ৰত্যাহ্বান হিচাপে লোৱা উচিত।

কিছুমান লোক মানসিকভাৱে পিছপৰা আৰু আন কিছুমান অৰ্থনৈতিকভাৱে পিছপৰা হৈ থাকে। নিজকে নিঃস্ব বুলি ভবা উচিত নহয়।” আনহাতে, অসমৰ আন এগৰাকী সুসন্তান নেহা বৰাই ইউপিএছচি, চিএপিএফ পৰীক্ষাত উত্তীৰ্ণ হৈছে।

তেওঁ তেজপুৰৰ বাসিন্দা আৰু পৰীক্ষাত ৫২ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁ দিল্লীত আছে।

নেহাৰ পিতৃ টোপেশ্বৰ বৰা চিআৰপিএফৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল আৰু মাতৃ মিনা দাস লক্ষ্ণৌত চিআৰপিএফৰ উপ-কমাণ্ডেণ্ট হিচাবে কৰ্মৰত হৈ আছে।