পাক সীমান্তত আৰক্ষীৰে সংঘৰ্ষত নিহত পাঞ্জাৱী গায়ক সিদ্ধু মুচেৱালা হত্যাকাণ্ডৰ দুই অভিযুক্ত

সিদ্ধু মুচেৱালা। ফাইল ফটো।

Gangsters involved in Moosewala murder killed in encounter পাঞ্জাৱী গায়ক সিদ্ধু মুচেৱালাৰ হত্যাত অভিযুক্ত দুজন গেংষ্টাৰ এনকাউণ্টাৰত  নিহত হৈছে। এই ঘটনাত তিনিজন আৰক্ষীও আহত হৈছে। ভাৰত-পাকিস্তান আটাৰী সীমান্তৰ পৰা মাত্ৰ দহ কিলোমিটাৰ দূৰত সংঘৰ্ষটো হৈছিল।

হত্যাকাণ্ডটোত জড়িত সন্দেহভাজনসকল লুকাই থকাৰ তথ্য পোৱাৰ পিছত আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰে। স্থানীয় বাসিন্দাসকলক তেওঁলোকৰ ঘৰৰ পৰা ওলাবলৈ বাধা দিয়া হৈছিল। প্ৰথমে গেংষ্টাৰসকলক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হয় যদিও যেতিয়া কোনো সঁহাৰি নিদিয়াত গুলীয়াগুলি আৰম্ভ হয়।

লগতে পঢ়ক: Mohammed Zubair gets bail: সকলো গোচৰতে জামিন লাভ মহম্মদ জুবেইৰৰ; কাৰাগাৰৰ পৰা মুক্তিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

পাঞ্জাৱ আৰক্ষীয়ে তথ্য পাইছিল যে তিনিজন গেংষ্টাৰ হোচিয়াৰ নগৰ অঞ্চলৰ এটা অট্টালিকাত  লুকাই আছিল। এই কথা জনাৰ পিছত স্থানীয় গুৰুদ্বাৰাৰ সাধাৰণ ৰাইজক ঘৰৰ পৰা ওলাই নাযাবলৈ নিৰ্দেশ দিয়া হৈছিল।

সংঘৰ্ষত দুজন গেংষ্টাৰ নিহত হয়। মৃতদ্বয়ক জগৰূপ সিং ৰূপা আৰু মনপ্ৰীত সিং বুলি চিনাক্ত কৰা হৈছে। পাঞ্জাৱ আৰক্ষীৰ ডিজিপি গৌৰৱ যাদৱ ঘটনাস্থলীত উপস্থিত আছিল।

বাতৰি অনুসৰি এনকাউণ্টাৰটো চাৰি ঘণ্টা ধৰি চলিছিল। এনকাউণ্টাৰৰ শেষত ডিজিপি যাদৱে কয়, “দুয়োপক্ষৰ মাজত এক তীব্ৰ গুলীয়াগুলি চলিছিল। সিদ্ধু মুচেৱালা হত্যাকাণ্ডৰ সৈতে জড়িত দুজন গেংষ্টাৰ নিহত হৈছে। নিহতসকলৰ কাষৰ পৰা একে ৪৭ ৰাইফল আৰু পিষ্টল উদ্ধাৰ কৰা হৈছে। গুলীয়াগুলিত তিনিজন আৰক্ষী আহত হৈছে। অৱশ্যে তেওঁলোক বিপদমুক্ত। আৰক্ষীয়ে এতিয়াও ঘটনাস্থলীত অনুসন্ধান চলাই আছে।‘’

এই গুলীয়াগুলিৰ ঘটনাত এজন ফটো সাংবাদিক আহত হোৱাৰ খবৰ পোৱা গৈছে।

উল্লেখ্য যে যোৱা ২৯ মে’ত পাঞ্জাৱী গায়ক সিদ্ধু মুচেৱালাক এজন আত্মীয়ৰ ঘৰলৈ যাওঁতে আক্ৰমণকাৰীয়ে গুলীয়াই হত্যা কৰিছিল। সিদ্ধুৱে এই বছৰৰ নৱেম্বৰত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল। তেওঁ যোৱা বছৰ কংগ্ৰেছত যোগদান কৰিছিল। নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ পিছদিনাই তেওঁক হত্যা কৰা হৈছিল।

লগতে পঢ়ক: UP Minister Dinesh Khatik resigns: ‘দলিত বুলি দিয়া নহয় সন্মান’ অমিত শ্বাহলৈ পত্ৰ লিখি পদত্যাগ যোগী চৰকাৰৰ মন্ত্ৰী দীনেশ খটিকৰ

সিদ্ধু মুচেৱালাৰ হত্যাৰ বিষয়ে স্বাভাৱিকতে বহুতো প্ৰশ্ন উত্থাপিত হৈছিল। যাৰ উত্তৰ বিচাৰি এছআইটি গঠন কৰা হৈছিল। ইতিমধ্যে গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ দলে মুচেৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে।