ভয়ংকৰ পথ দুৰ্ঘটনা; ASTC বাছৰ খুন্দাত প্ৰাণ গ’ল দুগৰাকী স্কুলীয়া ছাত্ৰীৰ

নগাঁও জিলাৰ চামগুৰিত আজি ৰাতিপুৱা এক শোকাবহ পথ দুৰ্ঘটনা সংঘৰ্টিত হয়। পথ দুৰ্ঘটনাটোত এখন ASTC বাছৰ খুন্দাত দুগৰাকী স্কুলীয়া ছাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাটোত নিহত ছাত্ৰী দুগৰাকীৰ এগৰাকী আমনিৰ ৰবিজা খাটুন আৰু আন এগৰাকী ফৰিদা খাটুন বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে ফৰিদা খাটুন চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যুবৰণ কৰে।

জানিব পৰা মতে যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে AS-20-1975 নম্বৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ যাত্ৰীবাহি বাছখন আহি থকা অৱস্থাতে এই শোকাবহ ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাস্থলত থকা একাংশ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি তীব্ৰ বেগত আহি থকা বাছখনে এখন বাইক আৰোহিক বচাবলৈ গৈ দুগৰাকী স্কুলীয়া ছাত্ৰীক চাইকেলসহ মহতিয়াই লৈ যায়। যাৰ ফলত ছাত্ৰী দুগৰাকীয়ে কৰুণ মৃত্যুক সাৱটি লয়।

ইফালে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে আৰু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

পথ অৱৰোধৰ ফলত দুৰ্ঘটনাস্থলীত বহুসময় ধৰি কৃষি মন্ত্ৰী অতুল বৰাৰ বাহন আবদ্ধ হৈ থকা বুলি জানিব পৰা যায়।