যোগী ৰাজ্যত ২৪ ঘণ্টাত ধৰ্ষিতা দুগৰাকী! ধৰ্ষণ কৰি জীৱন্তে জ্বলাই দিয়া হৈছিল দলিত কন্যাক

প্রতিনিধিত্বমূলক ফটো।

মহিলাৰ সুৰক্ষাৰ বাবে গৌৰৱ কৰা যোগী চৰকাৰৰ সকলো দাবী অসাৰ প্ৰমাণিত হৈছে। নিৰন্তৰ ধৰ্ষণৰ ঘটনাৰ বাবে উত্তৰ প্ৰদেশৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰতো প্ৰশ্ন উত্থাপিত হৈছে। উত্তৰ প্ৰদেশৰ পিলিভিটত ২৪ ঘণ্টাৰ ব্যৱধানত দুটা দলবদ্ধ ধৰ্ষণৰ ঘটনাই আৰক্ষী বিভাগত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে।

প্ৰথম ঘটনাত এগৰাকী ১৬ বছৰীয়া দলিত ছোৱালীক তাইৰ ঘৰত দলবদ্ধ ধৰ্ষণ কৰি শৰীৰত ডিজেল ঢালি জুই লগাই দিয়া হৈছিল। ছোৱালীজনীক জ্বলি যোৱা আঘাতৰ সৈতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দলবদ্ধ ধৰ্ষণকে ধৰি বিভিন্ন ধাৰাৰ অধীনত দুজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। দণ্ডাধীশে ছোৱালীজনীৰ ভাষ্যও লিপিবদ্ধ কৰিছে।

দ্বিতীয় ঘটনাটোত গাওঁখনৰ দুজন যুৱকে দ্বাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীক নিশা তাইৰ ঘৰৰ পৰা উঠাই লৈ গৈ কুঁহিয়াৰ খেতিৰ মাজত ধৰ্ষণ কৰে।

প্ৰথমটো ঘটনাৰ ভুক্তভোগীৰ পিতৃয়ে ১০ ছেপ্টেম্বৰত মাধোতান্দা আৰক্ষীক জনায় যে তেওঁৰ গাঁৱৰ দুজন প্ৰভাৱশালী যুৱক ৰাজবীৰ আৰু তাৰাচান্দে ঘৰত প্ৰৱেশ কৰি তেওঁৰ কন্যাক ধৰ্ষণ কৰিছিল আৰু তাইৰ শৰীৰত ডিজেল ছটিয়াইছিল জুই লগাই দিয়ে। ভুক্তভোগী ছোৱালীজনীৰ অৱস্থা বৰ্তমান সংকটজনক।

আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে খৱৰ লাভ কৰাৰ পিছত তেওঁ লগে লগে কিশোৰীজনীৰ গাওঁত উপস্থিত হৈ নিজেই বিষয়টো অনুসন্ধান কৰিছে। তেওঁৰ আত্মীয়সকলৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৰাজবীৰ আৰু তাৰাচান্দৰ বিৰুদ্ধে ধৰ্ষণ, হত্যাৰ চেষ্টা আৰু ভাবুকিৰ গোচৰ ৰুজু কৰিছে আৰু অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰিছে।

দ্বিতীয়টো ঘটনাত এগৰাকী নাবালিকা দ্বাদশ শ্ৰেণীৰ দলিত ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। এই ক্ষেত্ৰত নিৰ্যাতিতা ছোৱালীগৰাকীয়ে অভিযোগ কৰে যে গাওঁখনৰ দুজন যুৱকে তাইক নিশা তাইৰ ঘৰৰ পৰা উঠাই লৈ গৈছিল আৰু তাইক দলবদ্ধ ভাৱে ধৰ্ষণ কৰিছিল। ভুক্তভোগীগৰাকীৰ মাতৃয়ে জীয়েকক ৰাতিপুৱা ঘৰত বিচাৰি নাপাই যেতিয়া অনুসন্ধান চলায়, তেতিয়া তাইক কুঁহিয়াৰ খেতি পথাৰত অচেতন হৈ পৰি থকা অৱস্থাত পায়।

পৰিয়ালৰ লোকে তেতিয়া তেওঁক তুলি লৈ ঘৰলৈ লৈ আনে। নিৰ্যাতিতাগৰাকীয়ে গোটেই ঘটনাটো তাইৰ পিতৃ-মাতৃৰ আগত বৰ্ণনা কৰাৰ পিছত আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰা হয়।

আৰক্ষী অধীক্ষক দিনেশ পি-য়ে কয় যে যদিও মূল অভিযুক্তজনৰ সহযোগীক জিম্মাত লোৱা হৈছে আৰু আনজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীৰ এটা দল গঠন কৰা হৈছে। তেওঁকো সোনকালেই গ্ৰেপ্তাৰ কৰা হ’ব।