গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তত দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ

Krishnai

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তত দুই অপহৰণকাৰীক গ্ৰেপ্তাৰ৷

জিলাখনৰ কুকুৰকটা আৰক্ষী চকীৰ অন্তৰ্গত কাছুমাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীত ব্যৱসায়ী অপহৰণৰ ঘটনাত জড়িত দুই অপহৰণকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম৷

উল্লেখ্য যে বিগত কিছুদিনৰ পৰা সীমান্তৱৰ্তী অঞ্চলত এনে ঘটনাৰ বৃদ্ধি পাইছিল৷

আৰক্ষীয়ে অপহৃত নিৰঞ্জন সাহাক উদ্ধাৰৰ পিছতে অপহৰণকাৰী দলটোৰ সন্ধানত অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত তীব্ৰ অভিযান চলাইছিল।

অভিযানৰ অন্তত মুন্ন মাৰাক আৰু কাচিম আলী নামৰ দুই অপহৰণকাৰী গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে মুন্ন মাৰাকৰ ঘৰ মাদাপাৰা আৰু কাচিম আলীৰ ঘৰ ছয়গাঁৱত৷

দুয়োজন কেইবাটাও অপহৰণৰ ঘটনাত জড়িত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷