NORTHEAST NOW (Assamese)

ডকাইতিত জড়িত কৃষক মুক্তিৰ দুজন নেতাক টেঙাখাতত গ্ৰেপ্তাৰ

July 28, 2019 11:30 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

ডকাইতিত জড়িত থকাৰ অভিযোগত টেঙাখাতত কৃষক মুক্তিৰ দুজন নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বাতৰি অনুসৰি, টেঙাখাত আৰক্ষী থানাৰ অন্তৰ্গত ভেকুলাজান তিনিআলিৰ পৰা যোৱা ২৫ জুলাইত সন্ধিয়া ৭.৩০ মান বজাত ভোডাফোনৰ টাৱাৰত ডিজেল যোগান ধৰা এএছ ২৩ বিচি ৭৫৮৮ নম্বৰৰ ডিজেল ভৰ্তি মহেন্দ্ৰ মেক্স পিক আপ ভান এখনত তেওঁলোকে ডকাইতি কাণ্ড সংঘটিত কৰে।

কৃষক মুক্তিৰ চাবুৱা ৰংছঙী পুলুঙা আঞ্চলিকৰ সম্পাদক দ্বীপনজ্যোতি ফুকন আৰু আঞ্চলিক সদস্য দ্বীপেন বৰুৱাই চালক-কৰ্মচাৰীৰ সৈতে গাড়ীখন অজ্ঞাত পথেৰে নি আদবাটতে তেওঁলোকক নমাই দি গাড়ীখন লৈ উধাও হয়।

ইয়াৰ পাছত গাড়ীখনত থকা প্ৰায় এহেজাৰ লিটাৰ ডিজেল ভৰ্তি ড্ৰামসমূহ কোনো গোপন স্থানত লুকুৱাই ৰাখি দূৰলৈ আহি চালক-কৰ্মচাৰীক খালী গাড়ীখন গটাই দিয়ে।

গাড়ীখনৰ চালক পংকজ দাসে ২৬ জুলাইত টেঙাখাত আৰক্ষী থানাত এটা গোচৰ তৰে। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই কৃষক নেতা দুজনক আটক কৰে। আৰক্ষীয়ে তেওঁলোকক জেৰা কৰা পাছত তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত লুকুৱাই ৰখা ডিজেল ভৰ্তি ড্ৰামসমূহ উদ্ধাৰ কৰে।

আনহাতে, আৰক্ষীয়ে তেওঁলোকক ৩৯২ ধাৰাত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। কৃষক মুক্তিৰ নেতাৰ এনে ডকাইতি কাণ্ডই সমগ্ৰ অঞ্চলটোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related News