DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন বিভাগৰ অকৰ্মণ্যতাক ধিক্কাৰ : শদিয়াত জব্দকৃত বৃহৎপৰিমাণৰ খয়ৰ কাঠ লৈ পলাল বন মাফিয়া

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
July 28, 2019 1:09 pm
IMG-20190727-WA0008

শনিবাৰে জব্দকৃত খয়ৰ আৰু নাওখন। ফাইল ফটো : নৰ্থইষ্ট নাও

257
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ শদিয়াত শনিবাৰে পুৱাই বৃহৎ পৰিমাণৰ খয়ৰ কাঠ জব্দ কৰাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছিলে যদিও সন্ধিয়াৰ ভাগত বন বিভাগৰ চূড়ান্ত অকৰ্মণ্যতাৰ বাবে জব্দকৃত বৃহৎ পৰিমাণৰ খয়ৰ কাঠ লৈ পলাবলৈ সক্ষম হয় বন মাফিয়া চক্ৰটো।

প্ৰাপ্ত তথ্য অনুসৰি শদিয়াৰ বনাঞ্চলিক বিষয়া বিবিধ দিহিঙয়াই এক গোপন সূত্ৰৰ পম খেদি শনিবাৰে চোৰাং খয়ৰ কাঠ জব্দ কৰিবলৈ  শদিয়াৰ বছাগাঁও কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত উপস্থিত হয় আৰু মেচিন নাওসহ প্ৰায় ২০ লক্ষাধিক টকাৰ  চোৰাং খয়ৰ কাঠখিনি জব্দ কৰে।

চোৰাং চক্ৰটোৱে অসম-অৰুণাচল সীমান্তৱৰ্তী অম্বিকাপুৰৰ পৰা ধলালৈ  মূল্যৱান কাঠ সমূহ সৰবৰাহ কৰিবলৈ যা -যোগাৰ কৰি থাকোঁতে বন বিভাগ গৈ উপস্থিত হৈ কাঠসমূহ জব্দ কৰি কিছু সংখ্যক কাঠ মেচিন নাওৰ পৰা নমাই নদীৰ পাৰত ৰাখি তদন্ত অব্যাহত ৰাখিছিল।

পিচে, সেইসময়তে বন বিভাগৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি নাওচালকে বন বিভাগৰ চকুৰ আগতে নাওৰ লংগৰত লগাই থোৱা ৰচী কাটি চোৰাং কাঠসহ পলাই যাবলৈ সক্ষম হয়।

ইপিনে, বন বিভাগে বৰ্তমানলৈকে তেওঁলোকে পলাই যোৱা নাওখন কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে নাওখনৰ কোনো সন্ধান পোৱা নাই বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে উক্ত ঘটনাৰ সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী সকলে সমগ্ৰ ঘটনাত জড়িত চোৰাং খয়ৰ মাফিয়া চক্ৰটোক উৎখাত কৰিবলৈ দাবী জনোৱাৰ লগতে বন বিভাগৰ ব্যৰ্থতাক ধিক্কাৰ দিয়ে।

এটা বিয়াগোম বন বিভাগৰ চকুৰ আগতে কেনেদৰে বন মাফিয়াই জব্দ কৰা কাঠসমূহ লৈ পলাবলৈ সক্ষম হ’ল তাত সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে। এইক্ষেত্ৰত শদিয়া বনাঞ্চলিক বিষয়াৰ বিবিধ দিহিঙয়াৰে খয়ৰ মাফিয়া চক্ৰটোৰ গোপন বুজা বুজিৰো সন্দেহ কৰিছে প্ৰকৃতিপ্ৰেমী তথা সচেতন ৰাইজে।

এক গোপন সূত্ৰৰ তথ্য অনুসৰি অৰুণাচলৰ তেজু আৰু চুনপোৰা বনাঞ্চল নিঃশেষ কৰি এইসকল বনদস্যুৱে অবৈধ ব্যৱসায় চলাইছে যদিও এই ক্ষেত্ৰত অৰুণাচল চৰকাৰে নীৰৱ ভূমিকাৰে এক ৰহস্যজনক স্থিতি গ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে এই অবৈধ চোৰাং কাঠ সৰবৰাহ চক্ৰটোৱে বিভিন্ন সময়ত শদিয়াৰ মাজেৰে এনেদৰে অবাধ হাৰত অসম আৰু অৰুণাচলৰ বন ধ্বংস কৰি  দেশৰ বিভিন্ন প্ৰান্তলৈ চোৰাং খয়ৰ কাঠ সৰবৰাহ কৰি আহিছে।

আনহাতে, জব্দকৃত বৃহৎ পৰিমাণৰ খয়ৰ কাঠ বন বিভাগৰ চকুত ধুলি দি বন মাফিয়া চক্ৰটো পলাবলৈ সক্ষম হোৱা সমগ্ৰ ঘটনাৰ এক উচ্চপৰ্য্যায়ৰ তদন্তৰ দাবী উত্থাপিত হৈছে।

Recent News

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Putin very ill with blood cancer

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

Road accident

বৰপেটাত ভয়াৱহ পথ দুৰ্ঘটনা: দ্ৰুতবেগী বাহনে প্ৰাণ ল’লে তিনিজনৰ, পাঁচজন আহত

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd