NORTHEAST NOW (Assamese)

১২ ফেব্ৰুৱাৰীৰ পৰাই সন্ধানহীন হৈ আছে মৰিয়নিৰ দুগৰাকী নাবালিকা

February 17, 2024 3:12 pm · এন ই নাও নিউজ, গুৱাহাটী
প্ৰতিনিধিত্বমূলক ফটো।

অসমৰ আৰু দুগৰাকী নাবালিকা ৰাজ্যৰ পৰা সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে। যোৰহাট জিলাৰ মৰিয়নীত সংঘটিত হৈছে এই ঘটনা।

বাতৰি অনুসৰি, ১২ ফেব্ৰুৱাৰীত নিৰুদ্দেশ হৈছিল নাবালিকা দুগৰাকী।

নিৰুদ্দেশ হোৱা নাবালিকা দুগৰাকীৰ নাম অনুষ্কা কোচ আৰু গায়ত্ৰী চুতীয়া।

অনুষ্কা ১ নং কল্যাণপুৰৰ বাসিন্দা, গায়ত্ৰী ২ নং কল্যাণপুৰৰ বাসিন্দা।

১২ ফেব্ৰুৱাৰীতে ছোৱালী দুগৰাকী ঘৰৰ পৰা ওলাই আহিছিল আৰু আজিলৈকে উভতি অহা নাই।

নিৰুদ্দেশ হোৱা ছোৱালী দুগৰাকীৰ পৰিয়ালে মৰিয়নী আৰক্ষীৰ কাষ চাপিছে।

অৱশ্যে নিৰুদ্দেশ হোৱা ছোৱালী দুগৰাকীৰ কোনো তথ্য এতিয়ালৈকে পোৱা নাই।

উল্লেখ্য যে ৰাজ্যত চলি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৪ ৰ প্ৰাৰ্থী আছিল গায়ত্ৰী চুতীয়া। 

Related News