NORTHEAST NOW (Assamese)

মণিপুৰত পুনৰ দুগৰাকী ক’ৰ’নাত আক্ৰান্ত; মুঠ সংখ্যা ৯ গৰাকীলৈ বৃদ্ধি

May 20, 2020 9:06 am · এন ই নাও নিউজ

অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰত মঙলবাৰে নতুনকৈ দুগৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

মঙলবাৰে নতুনকৈ ক’ৰ’নাত আক্ৰান্ত লোক দুজনকে ধৰি মণিপুৰত মুঠ ক’ৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৯ গৰাকীলৈ বৃদ্ধি পায়।

মঙলবাৰে এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে ৰাজ্যখনৰ অতিৰিক্ত স্বাস্থ্য আয়ুক্ত ড০ খোইৰ’ম শশীকুমাৰে।

শশীকুমাৰে ৰাজ্যখনত বৰ্তমানলৈ দুগৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়াৰ বিপৰীতে বৰ্তমান সাত গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে বুলিও কয়।

মঙলবাৰে মণিপুৰত ক’ৰ’না আক্ৰান্ত হোৱা লোক দুগৰাকীৰ এগৰাকী ৬৪ বছৰীয়া মহিলা আৰু তেওঁৰ ২৩ বছৰীয়া কন্যা।

বৰ্তমান দুয়োগৰাকী ক’ৰ’না আক্ৰান্তকে চিকিৎসা প্ৰদান কৰি থকা হৈছে।

মঙলবাৰে ক’ৰ’না আক্ৰান্ত দুয়োগৰাকীয়ে ১৪ মে’ত দিল্লীৰ পৰা আহি ১৬ মে’ত মণিপুৰত উপস্থিত হৈছিল।

আনহাতে, অসমত মঙলবাৰৰ দিনটোত সৰ্বাধিক সংখ্যক ৪২ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছ ধৰা পৰে।

Related News