মাৰ্ঘেৰিটাত দুই চোৰক গ্ৰেপ্তাৰ, চুৰি বাইক উদ্ধাৰ

Two motorbike thieves arrested in Margherita

মাৰ্ঘেৰিটা আৰক্ষীয়ে মঙলবাৰে সন্ধিয়া দুজন বাইক চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন চুৰি বাইক উদ্ধাৰ কৰিছে।

কালি সন্ধ্যা মাৰ্ঘেৰিটা এছ বি আইৰ কাষত দৈনন্দিনৰ দৰে ৰাখি থৈছিল মহম্মদ ৰহিম নামৰ যুৱকজনে AS23W 8707 নম্বৰৰ মটৰ চাইকেলখন।

কিন্ত হঠাতে অন্তৰ্ধান হ’ল মটৰ চাইকেলখন।

মাৰ্ঘেৰিটাৰ বালুখাদৰ ৰাজেন চাহানী আৰু নামদাঙৰ যোচেফ চাৱাচ্ছী নামৰ দুই চোৰে বালুখাদেৰে মটৰ চাইকেলখন ঠেলি লৈ গৈ থাকোঁতেই প্ৰত্যক্ষদৰ্শীৰ হয় সন্দেহ।

আনকি উক্ত অঞ্চলত থকা সাংবাদিক ফাইজুৰ ৰহমানৰ ঘৰৰ চিচিটিভিৰ কেমেৰাটো ধৰা পৰে এই তথ্য।

পাছত আৰক্ষীয়ে দুই চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি কৰি নিয়া বাইকখন উদ্ধাৰ কৰে।

এই দৰে সন্ধ্যাৰ সময়তেই বাইক চোৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

শেহতীয়াকৈ লকডাউন আৰু কৰ’না মহামাৰীৰ ফলত বহু লোকৰ অন্যান্য কাম-কাজ নোহোৱাত এইদৰে চোৰৰ অতপালি বৃদ্ধি হৈছে বুলি একাংশ লোকে ক’ব বিচাৰিছে যদিও এইক্ষেত্ৰত আৰক্ষীকো কঠোৰ হ’বলৈ মাৰ্ঘেৰিটাৰ স্থানীয় ৰাইজে আহ্বান জনাইছে।

আৰক্ষীয়ে দুই চোৰক মাৰাথন জেৰা অব্যাহত ৰাখিছে। আৰক্ষীৰ অনুসন্ধানত ৰৌ বৰালী জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীৰ এক সূত্ৰত প্ৰকাশ।