বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈয়ে; কি ভূমিকা ল’ব দুয়োৱে?

Gourav Gogoi Aru Pradyut Bordoloi

২০২১ৰ বিধানসভাৰ নিৰ্বাচন সমাগত। কিন্তু এই বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ কৈ প্ৰতিদ্বন্দ্বিতা নকৰে সাংসদ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈয়ে।

বিভিন্ন সময়ত বিভিন্ন ধৰণে চৰ্চা চলি আহিছিল যুৱ সাংসদ গৌৰৱ গগৈ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব তথা তেওঁ তিতাবৰ নাইবা গোলাঘাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

কিন্তু সেই চৰ্চাৰ ইতি পেলাই কংগ্ৰেছৰ এক উচ্চস্তৰীয় তথা বিশ্বস্ত সূত্ৰই দাবী কৰে যে সাংসদ গৌৰৱ গগৈয়ে ২০২১ ৰ বিধানসভা নিৰ্বাচনত ১২৬ টা সমষ্টিৰ ভিতৰত এটাৰ পৰাও প্ৰতিদ্বন্দ্বিতা নকৰে।

ইয়াৰোপৰি নগাঁৱৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মাৰ্ঘেৰিটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি তুমুল চৰ্চা চলি আহিছিল।

কিন্তু তাৰ বিপৰীতে সূত্ৰটোৱে দাবী কৰি কয় মাৰ্ঘেৰিটা সমষ্টি নাইবা অসমৰ কোনো সমষ্টিৰ পৰাই তেওঁ টিকট বিচৰা নাই।

ইপিনে, তিতাবৰ সমষ্টিৰ পৰা গৌৰৱ গগৈৰ খুৰীয়েক অৰ্থ্যাৎ প্ৰাক্তন সাংসদ দ্বীপ গগৈৰ পত্নী মিতালী গগৈ, প্ৰাণ কুৰ্মী, বৰ্ণালী শইকীয়া বৰা, জয়া বৰুৱাই টিকট বিচাৰিছে। গোলাঘাট সমষ্টিৰ পৰা গোলাপ বৰা আৰু ব্ৰজেন সন্দিকৈয়ে কংগ্ৰেছ দলৰ পৰা টিকট বিচৰা বুলি খবৰ আহিছে।

ইয়াৰোপৰি, মাৰ্ঘেৰিটা সমষ্টিৰ পৰা বাসুদেউ ছেত্ৰী, মনোৰঞ্জন বৰগোহাঁই আৰু ৰুবুল গগৈয়ে টিকট বিচাৰি ইতিমধ্যে আবেদন জনাইছে।

ইপিনে, গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে থাকিব বুলি সুত্ৰটোত প্ৰকাশ পাইছে।

যুৱ সাংসদ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈয়ে ইতিমধ্যে ‘অসম বচাওঁ আহক’ শীৰ্ষক বাছ যাত্ৰাৰে অসমৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ হৈ ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।

ইপিনে, আন এক প্ৰশ্নও উত্থাপন নোহোৱা নহয়, যদিহে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে যদি কোনো সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে তেন্তে তেওঁ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব কেনেকৈ?