পঞ্চায়ত নিৰ্বাচনৰ সাঁকো পাৰ হোৱা দুগৰাকী বিশেষ মহিলা

Sangeeta Borgohain_Reena

এইবাৰ পঞ্চায়ত নিৰ্বাচনত পূৰ্বৰ নিৰ্বাচনবোৰৰ পৰা বহু কথাতে সুকীয়া বৈশিষ্ট্য দেখা পালে অসমৰ জনগণে। এইবাৰ দলবোৰে এই নিৰ্বাচনটোকো বিধানসভাৰ নিৰ্বাচনৰ দৰে গুৰুত্ব দি প্ৰচাৰত নমা দেখা গ’ল। আনহাতে প্ৰাৰ্থিত্ব পাবৰ বাবেও মানুহে হেতা-ওপৰা কৰা দেখা গ’ল। ইয়াৰ মাজতে কেইগৰাকীমান মহিলা প্ৰাৰ্থীয়ে সকলোৰে দৃষ্টি কাঢ়িলে। গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত নন্দিতা তালুকদাৰ, আমেৰিকাৰ কে’ন বিশ্ববিদ্যালয়ৰ (Kean University) পৰা এম এ ডিগ্ৰী লৈ অহা এগৰাকী মহিলা ৰীণা পাটোৱাৰী আৰু গণ পৰিষদ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা সংগীতা বৰগোহাঁই এইসকলৰ অন্যতম।

কংগ্ৰেছৰ পৰা হাজো সমষ্টিৰ ১নং পঞ্চতীৰ্থ জিলা পৰিষদত প্ৰতিদ্বন্দ্বিতা কৰা ২২ বছৰীয়া নন্দিতা তালুকদাৰ জয়ী হ’ব নোৱাৰিলে। কিন্তু অগপৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা সংগীতা বুঢ়াগোহাঁয়ে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ মোমাই তামুলী গাওঁ পঞ্চায়তৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ সকলোৰে মনোযোগ লাভ কৰিছে। তেওঁৰ বয়সে মাত্ৰ ২১ বছৰ অতিক্ৰম কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে আমেৰিকাৰ কেন বিশ্ববিদ্যালয়ৰ পৰা এম এ ডিগ্ৰী লৈ অহা আৰু সমাজকৰ্মী হিচাপে প্ৰতিৱেশীৰ ওচৰত সুকীয়া পৰিচয় থকা ৰীণা পাটোৱাৰীয়ে বিজেপি দলৰ হৈ কমলপুৰ সমষ্টিৰ পূব কাছাৰী মহল জিলা পৰিষদত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছে। ৰীণা পাটোৱাৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে, তেওঁ ভাল চাকৰি পাইছিল যদিও, তেওঁ সমাজসেৱাৰ প্ৰতি অধিক আগ্ৰহ থকা বাবেই পঞ্চায়ত প্ৰতিনিধি হোৱাৰ প্ৰতি অধিক গুৰুত্ব দিয়ে।

ৰীণা পাটোৱাৰী সমগ্ৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ মাজতে উচ্চ শিক্ষিতা বুলি জানিব পৰা গৈছে। তেওঁ য়ুনিছেফতো কাম কৰিছিল বুলি জানিবলৈ দিয়ে।