পহুকটাত দুখন টেংকাৰৰ মুখামুখি সংঘৰ্ষ : দুৰ্ঘটনাগ্ৰস্ত টেংকাৰৰ পৰা একাংশৰ তেল সংগ্ৰহ

IMG_20190809_083256_631

ফটো : নৰ্থইষ্ট নাও

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পহুকটাত বৃহস্পতিবাৰে নিশা ৮ মান বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

নগাঁৱৰ পৰা কলিয়াবৰ দিশে দ্ৰুতবেগত গৈ থকা AS-01DC-1837 নম্বৰ এখন খালি তেলৰ টেংকাৰ আৰু কলিয়াবৰ পৰা নগাঁও দিশে গৈ থকা ML-05R-3477 নম্বৰ এখন বিপৰীতমুখী তেলভৰ্তি টেংকাৰৰ মাজত সংঘটিত হয় মুখামুখি সংৰ্ঘষ।

সংঘৰ্ষৰ পিছতেই দুয়োখন টেংকাৰ ৰাজপথৰ দাঁতিত বাগৰি পৰে।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই দুৰ্ঘটনাগ্ৰস্ত টেংকাৰ দুখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে।

দুৰ্ঘটনাটোৰৰ পাছতেই চামগুৰিৰ ৰাজপথত যেন উজান উঠিল তেলৰ।

নিজৰ জীৱনকো তুচ্ছ কৰি অতি বিপদজনকভাৱে একাংশই এখন দুৰ্ঘটনাগ্ৰস্ত টেংকাৰৰ পৰা নিৰ্গত হৈ থকা তেল নিবলৈ হেতাওপৰা লগালে।

এটা জনবসতিপূৰ্ণ অঞ্চলত দুখনকৈ তেল ভৰ্তি টেংকাৰ একে স্থানতে দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাবে অনাকাঙ্ক্ষিত বিপদৰ আশংকাত স্থানীয় ৰাইজক শংকিত হৈ পৰা দেখা যায়।

ইয়াৰ পাছতেই ততাতৈয়াকৈ চামগুৰি আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ প্ৰথমতে অঞ্চলটোত বিদ্যুৎ কৰ্ত্তন কৰে।

আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে পৰিত্যক্ত টেংকাৰ দুখন পুৱাৰ ভিতৰত উদ্ধাৰ কৰে।

লক্ষণীয় কথাটো হ’ল যে, পুখুৰীৰ মাছৰ মৃত্যুৰ কথা চিন্তা কৰা একাংশই গতানুগতিকতাৰ দোহাই দি এনেদৰে দুৰ্ঘটনাগ্ৰস্ত টেংকাৰৰ পৰা বেপৰোৱাভাবে তেল সংগ্ৰহ কৰা কিমান দূৰ যুক্তিসংগত তাক বিচাৰ কৰিবলৈও যেন নিশা সেই স্থানত উপস্থিত নাছিল এজনো চিন্তাশীল দূৰদৰ্শী লোক।