মাৰ্ঘেৰিটাত সংঘটিত দুটা পৃথক পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু

Accident-750x375-1-1

প্ৰতিনিধিত্বমূলক ফটো

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত সোমবাৰে সন্ধিয়া দুটা পৃথক পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

প্ৰথমটো দুৰ্ঘটনাত তীব্ৰ বেগী মেক্স পিক আপ ভানৰ খুন্দাত মাৰ্ঘেৰিটা বজাৰৰ সমীপৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাধেশ্যাম আগৰৱাল(৬৫) নামৰ ব্যক্তিজন নিহত হয়।

ৰাধেশ্যামে কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰি পুত্ৰৰ সৈতে ঘৰলৈ গৈ থকা অৱস্থাত মাৰ্ঘেৰিটা বজাৰৰ সমীপত গাড়ীৰ বিজুতি হোৱাত তেওঁ গাড়ীৰ পৰা নামোতেই মাৰ্ঘেৰিটাৰ পৰা লিডু অভিমুখে তীব্ৰ বেগত আহি থকা মেক্স গাড়ীখনে মহতিয়াই নিয়াত আগৰৱালৰ মৃত্যু হয়। ইপিনে,দুৰ্ঘটনা সংঘটিত কৰিয়ে গাড়ীখন পলায়ন কৰে।

আনহাতে, মাৰ্ঘেৰিটাৰ অসম ৰাজ্যিক বাছ আস্থানৰ সমীপত সংঘটিত হোৱা আনটো দুৰ্ঘটনাত ৰমণ চক্ৰৱৰ্তী (৩০) নামৰ আন এজন লোকক মটৰ চাইকেলৰে (এ এছ ০৪ এচি ০৪৬৬) মাৰ্ঘেৰিটাৰ পৰা ডিগবৈ অভিমুখে গৈ থকা অৱস্থাত তীব্ৰ বেগী ডাম্পাৰে খুন্দিয়াই থিতাতে নিহত কৰে। এখন টায়াৰ দোকনৰ কৰ্মচাৰী চক্ৰৱৰ্তীৰ ঘৰ দুলীয়াজানত বুলি জানিব পৰা গৈছে।

তীব্ৰ বেগী বাহনৰ দৌৰাত্ম্যৰ ফলত প্ৰতিদিনেই ৰাজপথত মানুহে জীৱন-সম্পত্তি হেৰুৱাবলগীয়া হোৱা ঘটনাই জনসাধাৰণক চিন্তিত কৰি তুলিছে। এইক্ষেত্ৰত যানবাহন আৰক্ষীৰ ভূমিকাতো ৰাইজ ক্ষুণ্ণ হৈ পৰিছে।