NORTHEAST NOW (Assamese)

বগীবিল দলঙৰ সমীপত সংঘটিত দুৰ্ঘটনাত নিহত অৰুণাচলৰ ডি এফ অ’ৰ পত্নীসহ এজন চালক

June 16, 2019 6:17 pm · এন ই নাও নিউজ
Updated: June 16, 2019 6:40 pm

বগীবিল দলঙৰ সমীপৰ টঙানীত আজি সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলাসহ এজন লোক থিতাতে নিহত হয়।

ঘটনাৰ বিৱৰণি মতে বগীবিল দলঙৰ সমীপৰ টঙানীত এখন যাত্ৰীবাহী বাছ আৰু এখন বলেৰ’ৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত বলেৰ’খনত থকা এগৰাকী মহিলা আৰু বলেৰ’খনৰ চালকজনে থিতাতে মৃত্যুক আঁকোৱালি লয়। আনহাতে চংকিম মচাং নামৰ আন এজন ব্যক্তি গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাত নিহত মহিলাগৰাকীক ভাৰতী মচাং আৰু চালকজনক অমিত ছনাৰ বুলি চিনাক্ত কৰা হৈছে। ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত চংকিম মচাং অৰুণাচলৰ ডি এফ অ’ বুলি জানিব পৰা গৈছে। তেওঁক সংকটজনক অৱস্থাত ডিব্ৰুগড় হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে। ইফালে দুৰ্ঘটনাত নিহত ভাৰতী মচাং হ’ল তেওঁৰ পত্নী।

ইফালে দুৰ্ঘটনাৰ ফলত অঞ্চলটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। অৱশ্যে পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে।

Related News