মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত দুজন

accident final

ফটো: নৰ্থইষ্ট নাও।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ফৰেষ্ট গেটৰ সন্মুখত শুকুৰবাৰে পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। দুই বিপৰীত দিশৰ পৰা অহা AS 23EC 0289 নাইট চুপাৰ আৰু AS23AC3166 বলেৰ’ পিকআপ এখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

বলেৰ’ গাড়ীখনত আৱদ্ধ হৈ পৰা দুয়োজন আৰোহীৰ মৰণকাতৰ চিঞৰ শুনি উদ্ধাৰৰ বাবে আগবাঢ়ি আহে।

দুৰ্ঘটনাটোত বলেৰ’খনৰ সন্মুখভাগ সম্পূৰ্ণ ৰূপত বিধ্বস্ত হৈ পৰে। ড্ৰাইভাৰ সহ দুজন গুৰুতৰভাৱে আহত হয়।

মাৰ্ঘেৰিটা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সংকটজনক অৱস্থাত থকা বলেৰখনৰ ড্ৰাইভাৰ সহ দুজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে।

দুৰ্ঘটনা সংঘটিত হোৱা স্থানত দীৰ্ঘ সময় ধৰি যান-জঁটৰ সৃষ্টি হয়।