বঙাইগাঁৱত ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত সাংবাদিকসহ  দুজনক  গ্ৰেপ্তাৰ

জব্দ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, চিৰিঞ্জ, বাহন

bon

ৰাজ্যৰ প্ৰতিখন জিলাতে এতিয়া ড্ৰাগছৰ অবৈধ বেহাই চানি ধৰিছে ৷ যুৱ প্ৰজন্মক তিল তিল কৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া এই ড্ৰাগছৰ ভয়াৱহ বেহাৰ সৈতে আৰক্ষীকে ধৰি বিভিন্নস্তৰৰ লোক জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ সময়তে এইবাৰ অবৈধ ড্ৰাগছৰ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত বঙাইগাঁও আৰক্ষীয়ে ৰাখালডুবিৰ পৰা এজন ৱেব পৰ্টেলৰ সাংবাদিকসহ আন এজন সহযোগীক আটক কৰিছে ৷

আটকাধীন সাংবাদিকজন এন ই লাইভ টুডে নামৰ এটা ৱেব পৰ্টেলৰ সাংবাদিক নিতু বনিক্য বুলি জানিব পৰা গৈছে ৷ নিতু বনিক্যৰ ঘৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ৱৰ্কশ্বপত ৷

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ‘প্ৰেছ’ লিখা এখন এএছ-০১বিএম/৩৮৪২ ( As-01BM-3842) নম্বৰৰ ইণ্ডিগো চাৰিচকীয়া বাহনৰ লগতে ড্ৰাগছসহ এটা কণ্টেইটাৰ ,দুটা খালি কণ্টেইনাৰ ,চিৰিঞ্জ, মোবাইল, প্ৰেছকাৰ্ড আদি জব্দ কৰা বুলি জানিবলৈ দিছে ৷
ইপিনে উত্থাপিত অভিযোগ মতে নিতু বনিক্য নামৰ যুৱকজনে বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ৰাখালডুবিৰ কাপোৰৰ দোকানী অমৃত ৰায়ৰ ঘৰলৈ সঘনাই অহা যোৱা কৰি থকাত স্থানীয় ৰাইজৰ বহুদিনৰে পৰা সন্দেহ উপজিছিল ৷

নিত্যু বনিক্যই নিজৰ প্ৰেছ লিখা চাৰিচকীয়া বাহনখনলৈ ৰাখালডুবিৰ অমৃত ৰায়ৰ গৃহলৈ যোৱাৰ বাবে উপস্থিত হৈছিল ৷

বাহনখন পথৰ কাষত ৰাখি অমৃত ৰায়ৰ গৃহলৈ যোৱাৰ যো-জা চলোৱাৰ সময়তে উক্ত স্থানত স্থানীয় ৰাইজ উপস্থিত হৈ নিতু বনিক্যৰ সৈতে সঘনাই আহি থকাৰ কাৰণ আদি কথা জানিব বিচাৰি কথাৰ কটাকটি লাগে৷ পিছত নিতু বনিক্য অমৃত ৰায়ৰ গৃহলৈ যোৱাৰ সময়তো ৰাইজে অনুসৰণ কৰে ৷

আনহাতে ৰাইজে পিছত বাহনৰ ভিতৰত ড্ৰাগৰ কণ্টেইনাৰ , চিৰিঞ্জ আদি প্ৰত্যক্ষ কৰে ৷ অৱশ্যে স্থানীয় ৰাইজে গাড়ীখন তালাচী চলাওঁতে গাড়ীৰ গৰাকী নিতু বনিক্য তেওঁৰ সহযোগী অমৃত ৰায়ৰ ঘৰত গৈছিল ৷ পিছত সহযোগী অমৃত ৰায় আৰু নিতু বনিক্যই গাড়ীৰ ওচৰত অহাৰ পিছতে স্থানীয় ৰাইজে দুজনকে আটক কৰে আৰু আৰক্ষীক খবৰ দিয়ে ৷

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োজনকে আটক কৰি বঙাইগাঁও থানাত লৈ আহে ৷
আৰক্ষীয়ে অমৃত ৰায়ৰ গৃহৰ লগতে দোকানতো অভিযান চলায় ৷ উল্লেখ্য যে নিতু বনিক্য বজৰং দলৰো এগৰাকী নেতা বুলি জানিব পৰা গৈছে ৷

সেইদৰে এগৰাকী মহিলাৰ মোবাইল চুৰি ঘটনা আৰু নয়াগাৱৰ এগৰাকী লোকক গাড়ী বিক্ৰীৰ নামত প্ৰবঞ্চনা কৰাৰ অভিযোগত কিছুদিন পূৰ্বে অভয়াপুৰী আৰক্ষীৰ জালত পৰা বুলিও অভিযোগ আছে৷