NORTHEAST NOW (Assamese)

বিশ্বনাথত বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ দুই চোৰাংচিকাৰীক আটক

July 14, 2019 8:39 am · কাজি জেইদুল ইছলাম
Updated: July 14, 2019 8:42 am

বিশ্বনাথ জিলা আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অধীনৰ বিশ্বনাথ অনুসন্ধান  বন  সংমণ্ডলে অব্যাহত ৰাখিছে চোৰাংচিকাৰীৰ বিৰুদ্ধে অভিযান। বিশ্বনাথ অনুসন্ধান  বন  সংমণ্ডল আৰু চতিয়া আৰক্ষীয়ে যুটীয়া অভিযান চলাই বিশ্বনাথৰ কুমলীয়া অঞ্চৰ পৰা অস্ত্ৰ-শস্ত্ৰসহ দুজনকৈ চোৰাংচিকাৰীক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন চোৰাংচিকাৰী দুজনক কাছেম আলী আৰু য়াকুব আলী বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে আটকাধীন চোৰাংচিকাৰী কেইটাৰ পৰা এটা থ্ৰী নট থ্ৰী ৰাইফল, ১৬ জাঁই সজীৱ গুলী, এডাল চাইলেঞ্চাৰ, এখন ৰাবাৰ ব’ট, এটা পাম চেট আৰু ৫০ হাজাৰা নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে দুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰোহিনী শইকীয়াৰ নেতৃত্বত যোৱা এটা বন কৰ্মী দলে গুৱাহাটীৰ হাতীগাঁৱৰ পৰা টাইখো জিম’মি নামৰ এটা চোৰাংচিকাৰীক গ্ৰেপ্তাৰ কৰিছিল।  আৰু টাইখোৰ স্বীকাৰোক্তিৰ ভিত্তিতে এই দুই চোৰাংচিকাৰীক আৰক্ষীয়ে আটক কৰে।

Related News