দুর্ঘটনা সংঘটিত কৰা সুৰামত্ত ৰাজকন্যাক জামিনৰ সুযোগ দিয়া দুই আৰক্ষী বিষয়াৰ ৰিজাৰ্ভ ক্ল’জ

Rajkainya Baruah

ৰাজকন্যা বৰুৱা।

সান্ধ্য আইনৰ মাজতে দিছপুৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া দুই আৰক্ষী বিষয়া উপ পৰিদৰ্শক ছাহিৰ আলী আৰু মহিলা উপ পৰিদৰ্শক আভাৰাণী গগৈক ৰিজাৰ্ভ ক্ল’জ আৰক্ষী আয়ুক্তালয়ৰ৷

ইপিনে, আৰক্ষী বিষয়া দুগৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

কিহৰ বাবে লোকনির্মাণ বিভাগত কৰ্মৰত ৯ জনকৈ শ্ৰমিকক সান্ধ্য আইনৰ মাজত সুৰাৰ ৰাগীত মাতাল হৈ দুৰ্ঘটনা সংঘটিত কৰিব পালে সুন্দৰী ৰাজকন্যা বৰুৱাই? এই প্ৰশ্নই এতিয়া ছ’চিয়েল মিডিয়াত তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে।

শনিবাৰে গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ৯গৰাকীকৈ শ্ৰমিকক মহতীয়াই নিয়া যুৱতী ৰাজকন্যা বৰুৱাই দেওবাৰে জামিন লাভ কৰিছিল।

 

উল্লেখ্য যে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯, ২৯৪, ৩৮৮ আৰু ৩৫৩ ধাৰাত গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে।

 

ইয়াৰে তিনিটা ধাৰা হৈছে জামিনযোগ্য। সেইকেইটা হৈছে, ক্ৰমে দ্ৰুত গতিৰে গাড়ী চলোৱা, ৰাজহুৱা স্থানত অশালীন ব্যৱহাৰ কৰা আৰু দ্ৰুত গতিৰে গাড়ী চলাই মানুহক খুন্দিওৱা আদি।

 

ৰাজকন্যা বৰুৱাই দিছপুৰত সংঘটিত কৰা দুৰ্ঘটনাটোত দুয়োখন ভৰি কটা গ’ল এজন লোকৰ৷ যোচেফ নামৰ লোকজনৰ চিকিৎসকে কাটিব লগা হ’ল বাওঁ ভৰিখন৷ দুৰ্ঘটনাটোত তেওঁৰ সোঁভৰিখন চিঙি পথত পৰি ৰৈছিল।

আনহাতে, ৰাজকন্যাই এনে এক লোমহৰ্ষক দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতো থানাত গৈ নিজৰ ‘মেজাজ’ দেখুৱাবলৈ পাহৰা নাছিল। তেওঁ আনকি নিজৰ প্ৰভাৱৰ কথাও সদৰী কৰিবলৈ পাহৰা নাছিল।