NORTHEAST NOW (Assamese)

হাইলাকান্দিত কোৱাৰেন্টাইন চেন্টাৰৰ পৰা ওলাই যোৱা দুজন আৱাসীক কৰায়ত্ত কৰিলে আৰক্ষীয়ে

June 20, 2020 7:32 am · এন ই নাও নিউজ
কোৱাৰেন্টাইন চেন্টাৰৰ প্ৰতিনিধিত্বমূলক ফটো।

হাইলাকান্দিৰ চৰকাৰী ভিএমএইচএছ স্কুলত থকা কোৱাৰেন্টাইন চেন্টাৰৰ পৰা পলায়ন কৰা দুজন আৱাসীৰ বিৰুদ্ধে হাইলাকান্দি সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে।

চেন্টাৰটোৰ তত্ত্বাৱধায়ক চিৰঞ্জীৱ সিংহই কয় যে কোৱাৰেন্টাইন প্ৰট’কল ভংগ কৰা আৰু প্ৰত্যেকৰে জীৱন বিপদলৈ ঠেলি দিয়াৰ বাবে লোক দুজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

জাকিৰ হুছেইন মজুমদাৰ আৰু পাৰুল হুছেইন বুলি চিনাক্ত হোৱা লোক দুজনক অলপতে ৰাজ্যখনলৈ উভতি অহাৰ পাছত আনুষ্ঠানিক কোৱাৰেন্টাইনৰ অধীনত ৰখা হৈছিল।

জানিব পৰা মতে, লোক দুজনে কোৱাৰেন্টাইন চেন্টাৰৰ পৰা বাহিৰলৈ ওলাই গৈ পুৰণি হাস্পাতলৰ চ’কত থকা তিনিখন দোকান ঘুৰি কাপোৰ, চিগাৰেট আৰু প্ৰসাধনৰ সামগ্ৰী ক্ৰয় কৰিছিল।

চেন্টাৰটোৰ কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে তেওঁলোকক বেৰিকেড দিয়া স্কুল গৃহটোৰ যিটো পথেৰে তেওঁলোকে ওলাই গৈছিল সেইটোৰে প্ৰৱেশ কৰিবলৈ লওতে কৰায়ত্ত কৰি আনে।

আৱাসী দুজনে স্বীকাৰ কৰে যে তেওঁলোকে খিৰিকি আৰু তলা ভাঙি বাহিৰলৈ ওলাই গৈছিল।

ইপিনে,  লোক দুজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে বুলি হাইলাকান্দি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰনব কুমাৰ শইকীয়াই জানিবলৈ দিছে।

Related News