ৰাইজৰ দলৰ কাৰ্যালয়ত জাৰ্মানীৰ দুগৰাকী গৱেষক ছাত্ৰী; কি জানিব বিচাৰি আহিল এইদৰে?

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মৰাজি আৰু অসমৰ কৃষকৰ সমস্যা সম্পৰ্কে গৱেষণা কৰিবলৈ অহা জাৰ্মানীৰ দুগৰাকী গৱেষক ছাত্ৰী Lara Kauter আৰু Elena Staudinger য়ে আজি ৰাইজৰ দলৰ কাৰ্যালয়লৈ আহি দলৰ কৰ্মকৰ্তাসকলৰ লগত এক আলোচনাত মিলিত হয়।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঔৰসত জন্মলাভ কৰা এটা ৰাজনৈতিক দল হিচাপে দলটোৰ নীতি-আদৰ্শ, কৃষকৰ প্ৰতি দলটোৰ দায়বদ্ধতা, কৃষকৰ বজাৰ, কৃষকৰ সমস্যা আৰু দলটোৱে কিদৰে কৃষকৰ সমস্যা সমাধান হোৱাটো বিচাৰিছে, সেই সম্পৰ্কে জানিব বিচাৰে।

ৰাইজৰ দলৰ নীতি-আদৰ্শ আৰু কৃষকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত দলটোৰ চিন্তাধাৰাকলৈ তেওঁলোক যথেষ্ট আকৰ্ষিত হোৱা বুলি জানিব পৰা গৈছে।

গৱেষক ছাত্ৰী দুগৰাকীৰ সৈতে আলোচনা কালত দলৰ মুখপাত্ৰ তথা জাতীয় নাৰী বাহিনীৰ সভানেত্রী ড° জ্ঞানশ্ৰী বৰা, জাতীয় যুৱ বাহিনীৰ সভাপতি  লক্ষ্যজ্যোতি গগৈ, ৰাইজৰ দলৰ অতিৰিক্ত তথ্য আৰু প্ৰচাৰ সম্পাদক প্ৰণৱ ডেকা আৰু জাতীয় যুৱ বাহিনীৰ তথ্য আৰু প্ৰচাৰ সম্পাদক অংকুমান বৰদলৈ উপস্থিত থাকে।