NORTHEAST NOW (Assamese)

বিধেয়কক লৈ বিজেপিত খহনীয়া : বৰপেটাৰ দুগৰাকী জ্যেষ্ঠ বিজেপি কৰ্মীৰ পদত্যাগ

January 12, 2019 8:10 am · পুলেন্দ্ৰ দাস
বিজেপিৰ পৰা পদত্যা কৰা বৰপেটা দুগৰাকী জ্যেষ্ঠ বিজেপি সদস্য হৰেকৃষ্ণ দাস আৰু কুঞ্জবিহাৰী দাস। ফটো : নৰ্থইষ্ট নাও

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ বিৰোধিতাৰে ৰাজ্যত তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বিজেপি দলত খহনীয়া আৰম্ভ হৈছে ৷ অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ খন সদনত উত্থাপন কৰাৰ প্ৰতিবাদত শুকুৰবাৰে বৰপেটাৰ দুগৰাকী জ্যেষ্ঠ বিজেপি কৰ্মী তথা জ্যেষ্ঠ অধিবক্তা ক্ৰমে হৰেকৃষ্ণ দাস আৰু কুঞ্জবিহাৰী দাসে বিজেপি দলৰ সাধাৰণ সদস্য পদৰ পৰা পদত্যাগ কৰে ৷

পদত্যাগ পত্ৰত দুয়োগৰাকীয়ে উল্লেখ কৰে যে, ১৯৮৪ চনৰ পৰাই দুয়োগৰাকীয়ে বিজেপি দলৰ হৈ কাম কাজ কৰি আহিছিল ৷ কিন্তু সদনত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ খন উত্থাপন কৰাৰ প্ৰতিবাদত দুয়োগৰাকীয়ে দলৰ সাধাৰণ সদস্য পদৰ পৰা পদত্যাগ কৰিলে বুলি স্পষ্ট কৰি দিছে ৷

উল্লেখ্য যে, এই বিধেয়কখনৰ প্ৰতিবাদত কিছুদিন পূৰ্বে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মেহদী আলম বৰাইও পদত্যাগ কৰিছিল ৷ ৰাজ্যত কেইবাগৰাকী নেতা কৰ্মীয়ে বিজেপি ত্যাগ কৰাৰ প্ৰস্তুতি চলাই থকা বুলি জানিব পৰা গৈছে যদিও বিতৰ্কিত বিধেয়কখনকলৈ এতিয়াও আকোঁৰগোজ স্থিতিত অটল আছে ৰাজ্যিক বিজেপি ৷

Related News