NORTHEAST NOW (Assamese)

উত্তৰ প্ৰদেশ নহয়, এইবাৰ এইখন অসমতে দলৱদ্ধ বলাৎকাৰৰ বলি হ’ল দুই ভগ্নী

November 15, 2020 2:11 pm · এন ই নাও নিউজ
Updated: November 15, 2020 2:21 pm

প্ৰায় প্ৰতিদিনে কমেও এটাকৈ বলাৎকাৰৰ ঘটনা সংঘটিত হোৱা যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশ নহয়, এই বাৰ অসমতেই সংঘটিত হৈছে দুই ভগ্নীক দলৱদ্ধ বলাৎকাৰৰ ঘটনা।

ঘটনাটো সংঘটিত হৈছে কৰিমগঞ্জৰ নিলম বজাৰ অঞ্চলত।

যিটো সময়ত দিপাৱলীৰ উন্মাদনাত মানুহ ব্যস্ত হৈ আছিল সেই সময়তে নিলম বজাৰত অসুস্থ মাতৃৰ খবৰ ল’বলৈ অহা দুই ভগ্নীক বলাৎকাৰ কৰে ৫ পাষণ্ডই।

জানিব পৰা  মতে শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অসুস্থে মাতৃৰ খবৰ লবলৈ ত্ৰিপুৰাৰ পৰা আহিছিল দুই ভগ্নী।

মাতৃৰ স্বাস্থ্যৰ বুজলৈ দুই ভগ্নীয়ে এখন সৰু গাড়ী ভাড়া কৰি শিলচৰৰ পৰা ত্ৰিপুৰা অভিমুখে যাত্ৰা কৰিছিল।

কৰিমগঞ্জৰ নিলম বজাৰ অঞ্চল পোৱাৰ পিছতে গাড়ী খনৰ চালকে  গাড়ীখন এটা নিৰ্মীয়মাণ অট্টালিকাৰ চৌহদলৈ লৈ যায় আৰু দুই ভগ্নীক ভয় দেখুৱাই বন্দী কৰি ৰাখে।

ইয়াৰ পিছতে আন ৪ জন লোক ঘটনাস্থলীত উপস্থিত হয় আৰু পাঁচোজনে মিলি দুই ভগ্নীক বলাৎকাৰ কৰি সেই ঠাইৰ পৰা আঁতৰি যায়।

বলাৎকাৰৰ বলি হোৱা দুই ভগ্নীয়ে কিবাকৈ সেই ঠাইৰ পৰা আহি বাজাৰিচাৰা থানাত উপস্থিত হয়।

আৰক্ষীয়ে ঘটনাস্থলীলৈ গৈ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে আব্দুল আহাদ নামৰ এজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰে।

বাকী পাষণ্ড কেইটাৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

Related News