দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ দুগৰাকী ক্ৰিকেটাৰ ক’ৰ’না প’জিটিভ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ দুগৰাকী ক্ৰিকেটাৰ ক’ৰ’না প’জিটিভ হোৱা বুলি ক্ৰিকেট দক্ষিণ আফ্ৰিকাই সংবাদমেল যোগে প্ৰকাশ কৰে।

ক্ৰিকেট দক্ষিণ আফ্ৰিকাই ক্ৰিকেটাৰ, চাপোৰ্ট ষ্টাফকে ধৰি মুঠ ৫০ গৰাকী সদস্যৰ ক’ৰ’না পৰীক্ষা সম্পন্ন কৰে।

ক্ৰিকেট দক্ষিণ আফ্ৰিকাই ক’ৰ’না আক্ৰান্ত হোৱা খেলুৱৈ দুগৰাকীৰ নাম বৰ্তমানলৈ ৰাজহুৱা কৰা নায়।

দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলে ১৮ আগষ্টৰ পৰা ২২ আগষ্টলৈ প্ৰস্তুতি শিৱিৰ আয়োজন কৰাৰ পূৰ্বে খেলুৱৈ সকলৰ ক’ৰ’না পৰীক্ষা  কৰোৱা হৈছিল।

আনহাতে, ক’ৰ’না প’জিটিভ হোৱা খেলুৱৈ দুগৰাকীয়ে ক’ৰ’না সম্পৰ্কীয় নীতি-নিৰ্দেশনাৰ বাবে এতিয়া প্ৰস্তুতি শিৱিৰত অংশগ্ৰহণ কৰিব নোৱাৰিব।

ক্ৰিকেট দক্ষিণ আফ্ৰিকাই বৰ্তমানলৈ ক’ৰ’না প’জিটিভ হোৱা খেলুৱৈ দুগৰাকীৰ বিপৰীতে কোনো বিকল্প ক্ৰিকেটাৰৰ নাম বৰ্তমানলৈ ঘোষণা কৰা নায়।