NORTHEAST NOW (Assamese)

৯ দিনে সন্ধানহীন ফহুৰাবাৰী গাঁৱৰ দুজন ছাত্ৰ

February 19, 2020 8:11 pm · দীপক কুমাৰ পাঠক
সন্ধানহীন হৈ থকা ছাত্ৰ দুজন

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানৰ অধীনৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত ফহুৰাবাৰী গাঁৱৰ পৰা ৯ দিনে সন্ধানহীন হৈ আছে দুজন ছাত্ৰ।

যোৱা ১১ ফেব্ৰুৱাৰিত নিজ গৃহৰ পৰা ছাত্ৰ দুজন বিদ্যালয়লৈ বুলি ওলাই যায় যদিও সন্ধিয়া পৰ্যন্ত ঘৰলৈ ঘূৰি নহাত চিন্তিত পৰিয়ালৰ লোকে ওচৰৰ অঞ্চল সমূহত খবৰ কৰে যদিও সন্ধান উলিওৱাত ব্যৰ্থ্য হয়।

পৰৱৰ্তী সময়ত ছাত্ৰ দুজনে আশ্চৰ্যজনকভাৱে গুৱাহাটীৰ পৰা কোনো অচিনাকি নম্বৰ যোগে গাঁওবাসীক গুৱাহাটীত থকা বুলি জনায় যদিও কোন স্থানত আছে সেয়া নোকোৱাত ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰে।

সন্ধানহীন ছাত্ৰ দুজন একেখন গাঁৱৰে নৰেশ্বৰ বড়োৰ পুত্ৰ শগুনছৰ বড়ো (১৫) আৰু ৰবিৰাম বড়োৰ পুত্ৰ ইলাছ বড়ো (১৬) আৰু দুয়োগৰাকী সম্বন্ধত ভাই-ককাই।

দুয়োগৰাকী ছাত্ৰ আমবাৰী সৰুভেৰা হাইস্কুলত অধ্যয়নৰত আছিল যদিও হঠাৎ এইদৰে গুৱাহাটীত সন্ধানহীন হৈ পৰাক লৈ কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোক।

ছাত্ৰ-দুজনৰ কোনো সন্ধান লাভ নকৰি পৰিয়ালৰ লোকে ইতিমধ্যে কুমাৰীকাটা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।

কোনো সদাশয় লোকে ছাত্ৰ দুজনৰ সন্ধান লাভ কৰিলে 9957046849, 9957177920 নম্বৰত নতুবা তামুলপুৰ আৰক্ষী থানাত খবৰ দিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে।

Related News