NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত দুটাকৈ পথ দুৰ্ঘটনাত ১৩ জন আহত, ৩টা বাসগৃহ লণ্ডভণ্ড

March 11, 2019 5:56 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত দিহিং চাহ বাগিচাৰ সমীপৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দিনৰ প্ৰায় ১২:৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰায় ১১জন লোক আহত হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে ডিগবৈৰ পৰা মাৰ্ঘেৰিটা অভিমুখী এ এছ ০৬ ডি ৭৬৩০ নম্বৰৰ যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দিহিং চাহ বাগিচাৰ নলাত বাগৰি পৰে। আহত সকলক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আনহাতে যোৱা নিশা সংঘটিত আন এক দুৰ্ঘটনাত এইচ আৰ ৬৯ ডি ৬৮৬৩ নম্বৰৰ এখন ট্ৰলী গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই মাৰ্ঘেৰিটাৰ ১ নং মাকুম পথাৰস্থিত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৩ টাকৈ বাসগৃহৰ সন্মুখ ভাগ মহতীয়াই নিয়ে।

দুৰ্ঘটনাত আহত গাড়ীখনৰ চালক আৰু হেণ্ডিমেনক পিছত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উল্লেখযোগ্য যে উক্ত দুৰ্ঘটনাটোৰ পৰা ঘৰ কেইটাৰ আবাসীসকল কোনোমতে হে প্ৰাণ ৰক্ষা পৰে। জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত এটা প্ৰকাণ্ড গাঁত থকাৰ বাবেই গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাব লগা হ’ল।

স্থানীয় ৰাইজে দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত বাসগৃহ তিনিটাৰ ক্ষতিপূৰণৰ দাবী উত্থাপন কৰাৰ লগতে মৰণফাণ্ডত পৰিণত হোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ দাবী তুলিছে।

Related News