মহানগৰীৰ উজান বজাৰত বিবাহিত মহিলা আৰু যুৱকৰ আত্মহত্যাক কেন্দ্ৰ কৰি চাঞ্চল্য

WhatsApp Image 2018-11-08 at 15.13.07

উজান বজাৰত আত্মহত্যা কৰা ঝৰ্ণা চৌধুৰী বিষয়া আৰু বিশাল হাজৰিকা।

যোৱা ২৪ ঘন্টাৰ ভিতৰতে মহানগৰীৰ উজান বজাৰত সংঘটিত দুটাকৈ ৰহস্যজনক আত্মহত্যাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমান্তৰালভাৱে দুয়োটা ঘটনাৰ মাজত কিবা যোগসূত্ৰ আছে নেকি তাক লৈও প্ৰশ্ন উত্থাপিত হৈছে।

ঘটনাৰ বিবৰণী মতে, উজানবজাৰৰ ৰেইলৱে ক’লনিত কালি নিশা ঝৰ্ণা চৌধুৰী বিষয়া নামৰ এগৰাকী মহিলাই আত্মহত্যাৰ চেষ্টা চলোৱাৰ পাছত জি এম চি এইচত তেওঁৰ মৃত্যু ঘটে।

দুগৰাকী কন্যা সন্তানৰ মাতৃ মহিলাগৰাকী এগৰাকী টি ভি ধাৰাবাহিকৰ অভিনেত্ৰী আছিল। তেওঁৰ স্বামী ৰেইলৱেৰ এগৰাকী কৰ্মচাৰী।

লতাশিল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুনীল কলিতাই আমাক জানিবলৈ দিয়া মতে মহিলাগৰৰাকীয়ে কালি নিশা চিপ লৈ আত্মহত্যাৰ চেষ্টা চলায়।পাছত পৰিয়ালৰ লোকে মহিলাগৰাকীক উদ্ধাৰ কৰি জি এম চি এইচলৈ প্ৰেৰণ কৰে যদিও চিকিযসালয়তে তেওঁৰ মৃত্যু ঘটে।

আৰক্ষী বিষয়াগৰাকীয়ে লগতে জনায় যে মহিলাগৰাকীৰ আত্মহত্যাৰ খবৰ আজি পুৱাহে পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰে।

ইপিনে, আজি পুৱা উজানবজাৰৰ সতী ৰাধিকা উদ্যানত চিপ লোৱা অৱস্থাত বিশাল হাজৰিকা নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়।

আন এক সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি কালি নিশা ঝৰ্ণা চৌধুৰী বিষয়াই আত্মহত্যাৰ চেষ্টা চলোৱাৰ সময়ত তেওঁৰ স্বামী ঘৰত নাছিল। পাছত বিশালেই তেওঁক চিকিৎসালয়লৈ লৈ গৈছিল।

ইপিনে আজি বিশালৰো মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ পাছত বিষয়টোৱে এক ৰহস্যৰ সৃষ্টি কৰিছে।

ইপিনে, দুয়োটা ঘটনাৰ মাজৰ সম্পৰ্কৰ বিষয়ে কোনো কথা অৱগত নহয় বুলি লতাশিল আৰক্ষীয়ে আমাক জানিবলৈ দিয়ে। আৰক্ষীয়ে লগতে দুয়োটা ঘটনাৰে কোনো আত্মহত্যাৰ টোকা বা তেনে কোনো তথ্যও লাভ কৰা নাই বুলি প্ৰকাশ কৰে। আৰক্ষীয়ে দুয়োটা ঘটনাৰে পৃথকে পৃথকে গোচৰ ৰুজু কৰি তদন্ত চলাই থকা বুলি জানিবলৈ দিছে।