NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ সন্ত্ৰাস : ৩ জনক হত্যা কৰাৰ পিছত নিৰুদ্দেশ ২ কিশোৰ

March 10, 2025 4:13 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 10, 2025 4:14 pm

কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী অনুসৰি জম্মু-কাশ্মীৰৰ কাঠুৱাত নিৰুদ্দেশ হোৱা ৩ জন স্থানীয় বাসিন্দাক হত্যা কৰিছে উগ্ৰপন্থীয়ে। এই অভিযোগৰ পিছত আৰু দুজন কিশোৰ নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে।

সোমবাৰে চৰকাৰী সূত্ৰই জনোৱা মতে, নিৰুদ্দেশ হোৱা তিনিজন স্থানীয় লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে ৰাজবাগ অঞ্চলৰ পৰা মহম্মদ দীন আৰু ৰহমান আলী নামৰ দুজন কিশোৰ সন্ধানহীন হৈ পৰে।

ইতিমধ্যে গোচৰ ৰুজু কৰি নিৰুদ্দেশ হোৱা কিশোৰ দুজনক বিচাৰি তালাচী আৰম্ভ কৰিছে আৰক্ষীয়ে।

প্ৰসংগক্ৰমে যোৱা ৫ মাৰ্চত বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যাওতে লোহাই মালহাৰৰ পৰা নিৰুদ্দেশ হৈছিল যোগেশ সিং (৩২), দৰ্শন সিং (৪০) আৰু বৰুণ সিং (১৫) নামৰ তিনিজনকৈ লোক।

 যোৱা ৮ মাৰ্চত ইছু নালাৰ পৰা নিৰাপত্তা বাহিনীয়ে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে এই তিনিজনক উগ্ৰপন্থীয়ে হত্যা কৰিছিল।

সোমবাৰে পুৱাৰে পৰা ৩ জন সাধাৰণ নাগৰিকক হত্যা কৰাক লৈ জম্মু-কাশ্মীৰ বিধানসভাত অস্থিৰ হৈ পৰে। এই হত্যাকাণ্ডক লৈ বিজেপিৰ বিধায়কসকলে একেলগে থিয় দি চৰকাৰ বিৰোধী শ্লোগান দিবলৈ আৰম্ভ কৰে।

বিলাৱাৰৰ বিধায়ক সতীশ শৰ্মাই কয় যে এই হত্যাকাণ্ডই পুনৰবাৰ ৰাজ্যত আতংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এই হত্যাকাণ্ডক ৰাজনীতিকৰণ কৰা উচিত নহয়।

Related News