NORTHEAST NOW (Assamese)

হাতত ঝাড়ুলৈ পথ পৰিষ্কাৰ কৰা যান-বাহন শাখাৰ আৰক্ষী বিষয়াক সম্বৰ্ধনা

October 11, 2019 6:33 pm · কল্পজ্যোতি শইকীয়া
সম্বৰ্ধনা লাভ কৰা আৰক্ষী বিষয়া দুগৰাকী

হাতত নিজে ঝাড়ুলৈ পথ পৰিষ্কাৰ কৰা যান-বাহন শাখাৰ দুগৰাকী আৰক্ষী বিষয়াক শুকুৰবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰক্ষী আয়ুক্ত দীপক কুমাৰে।

অৱদেশ কুমাৰ ৰায় আৰু ৰাজা সৰকাৰ নামৰ দায়িত্বশীল বিষয়া দুগৰাকীক আৰক্ষী আয়ুক্ত কাৰ্য্যালয়ত সম্বৰ্ধনা জ্ঞাপন কৰে দীপক কুমাৰে।

বিগত ৬ অক্টোবৰৰ নিশা প্ৰায় ১ মান বজাত দতালপাৰাৰত বাইক আৰু টেম্পোৰ মুখামুখি সংঘৰ্ষৰ ফলত ৰাজপথ গ্লাছৰ টুকুৰাৰে ভৰি পৰিছিল।

সেইসময়ত ফটাশিল আমবাৰী থানাত কৰ্মৰত দুগৰাকী যান-বাহন শাখাৰ আৰক্ষী বিষয়াই নিজে হাতত ঝাড়ু  ৰাজপথত পৰি থকা গ্লাছৰ টুকুৰা চাফা কৰিছিল।

ঘটনাস্থলীত উপস্থিত থকা কোনো লোকে সেই ভিডিঅ’ সংগ্ৰহ কৰি ফেইচবুকত আপলোড কৰিছিল আৰু মুহূৰ্ততে ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

স্বচ্ছতাৰ ক্ষেত্ৰত দায়িত্বশীলতাৰে নিজৰ কৰ্ম কৰি অসম আৰক্ষীক গৌৰৱান্বিত কৰা বাবে দুয়োগৰাকী আৰক্ষী বিষয়াক সম্বৰ্ধনা জ্ঞাপন কৰে আৰক্ষী আয়ুক্ত গৰাকীয়ে।

Related News