চামগুৰিত একেদিনাই সংঘটিত দুটাকৈ শোকাৱহ ঘটনাত দুজনৰ মৃত্যু

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ভৰাগুৰি অঞ্চলত বৃহস্পতিবাৰে অৰ্থাৎ আজিৰ দিনটোতে পৃথকে পৃথকে সংঘটিত দুটাকৈ শোকাৱহ ঘটনাই জোকাৰি যোৱাত সম্প্ৰতি তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে সমগ্ৰ চামগুৰিতে।

আজি পুৱাই ভৰাগুৰি পামগাঁৱৰ এটা পুখুৰীত বুধবাৰৰ পৰা সন্ধানহীন হৈ থকা গনেশ মুড়াৰ নামৰ বৃদ্ধ লোকজনৰ নৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে দুপৰীয়া আন এটা শোকাৱহ ঘটনা সংঘটিত হয়।

ভৰাগুৰিৰ এটা পৰিয়ালৰ বাৰীৰ পিছফালে থকা এটা দ’ পুখুৰীত এগৰাকী বৃদ্ধাৰ সলিল সমাধি ঘটে। সলিল সমাধি ঘটা বৃদ্ধা গৰাকীক স্থানীয় গহীতি চাংমাই বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰিছে।

পিছত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত পুখুৰীটোত উপঙি থকা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে মৃত গহীতি চাংমাই নামৰ প্ৰায় 65 বছৰীয়া বৃদ্ধাগৰাকী বৃহস্পতিবাৰে পুৱাৰে পৰা সন্ধানহীন হৈ আছিল। ইফালে বৰ্তমানলৈকেও স্পষ্ট নহয় মৃত্যুৰ কাৰণ, প্ৰকৃততে সেইয়া দুৰ্ঘটনা নে আত্মহত্যা আছিল।

অৱশ্যে ঘটনাস্থলীত উপস্থিত হোৱা চামগুৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অতি ক্ষীপ্ৰতাৰে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।