কলিয়াবৰত দুই দুৰ্ধৰ্ষ ট্ৰাক হাইজেকাৰ আটক

Two truck hijackers arrested in Kaliabor

কলিয়াবৰ আৰক্ষীয়ে আমনিৰ এখন ধাবাৰ পৰা দুজন দুৰ্ধৰ্ষ ট্ৰাক হাইজেকাৰক আটক কৰিবলৈ সক্ষম হৈছে।

আটকাধীন ডকাইত দুজন ক্ৰমে জিয়াবুৰ ৰহমান (শিয়ালখাতি) আৰু আহমদ আলী (খলিহামাৰি)।

যোৱা ১০ অক্টোবৰত কলিয়াবৰৰ মিছাৰ পৰা এখন ১২চকীয়া এ এছ ০৬ এ চি ৩৯৪১ নম্বৰৰ ট্ৰাকখন হাইজেক কৰিছিল।

কিন্তু আৰক্ষীৰ তৎপৰতাত যোৱা ১০ তাৰিখেই ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ঘটনাস্থলীৰ পৰা ডকাইতৰ দলটোৱে পলায়ন কৰে।

অৱশ্যে ১১অক্টোবৰ দেওবাৰে নিশা গোপন সূত্ৰৰ পম খেদি কলিয়াবৰৰ মহকুমাৰ আৰক্ষী বিষয়া মৃন্ময় নাথে কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খৰ্গেশ্বৰ বৰদলৈ আৰু চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃঞ্চকান্ত দলেৰ সহযোগত অভিযান চলায়।

আৰু আমনিৰ সঞ্জয় ধাবাৰ পৰা ট্ৰাক হাইজেক কৰা ডকাইতৰ দলটোৰ পৰা দুজনক ১২ তাৰিখে পুৱতি নিশা ২ বজাত আটক কৰিবলৈ সক্ষম হয়।

অৱশ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত কলিয়াবৰ আৰক্ষীয়ে বৰ্তমান আৰু অধিক তথ্যৰ বাবে  অনুসন্ধান অব্যাহত ৰাখিছে।