লিডুত ১৫ লাখ টকাৰ মূল্যৰ চোৰাং কাঠ ভৰ্তি দুখন ট্ৰাক জব্ধ : ৮ জন লোকক গ্ৰেপ্তাৰ

index.jpgaaa

ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত লিডুত জব্দ দুখন চোৰাং কাঠ ভৰ্তি ট্ৰাক।

নিশা লেখাপানী বন বিষয়া ধ্ৰুৱ দত্ত আৰু মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পোনা গগৈৰ নেতৃত্বত চলা অভিযানত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত জব্দ কৰা হয় ট্ৰাক দুখন।

জব্দ কৰা কাঠখিনিৰ মূল্য প্ৰায় ১৫ লক্ষ টকা হ’ব। দুজনকৈ ড্ৰাইভাৰ হেণ্ডিমেনসহ চাৰিজন যুৱক মুঠ আঠজনক গ্ৰেপ্তাৰ কৰিছে দলটোৱে।

উল্লেখ্য যে, অসম-অৰুণাচল সীমান্তৱৰ্তী জাগুন-তিনিচুকীয়া পথ চোৰাং কাঠ সৰবৰাহৰ কৰিডৰ হৈ পৰিছে।

নিশা অৰুণাচলৰ চাংলাং জিলাৰ নামপুঙৰ পৰা বিইকাৰী নামৰ ব্যক্তি এজনৰ মালিকাধীন অবৈধ কাঠ মিলৰ পৰা  AS 23-BC-4119 আৰু PB13-AL-5679 নম্বৰৰ দুখন ট্ৰাকত বোজাই কৰি অনা কেইবা লক্ষ টকা মূল্যৰ দুখন কাঠ ভৰ্তি ট্ৰাক জব্দ হোৱা ঘটনাই এই কথাকে প্ৰমাণ কৰিছে।

অভিযোগ অনুযায়ী অসমৰ মূল্যৱান গছ কাটি অৰুণাচলত থকা অবৈধ কাঠমিলসমূহলৈ নি তাত ফলাই পুনৰ জাগুন – তিনিচুকীয়া পথেৰে ভুৱা কাগজ পত্ৰৰে নিয়মিত সৰবৰাহ কৰা হয়।