ৰাজ্যৰ ৫গৰাকী যুৱতী-বোৱাৰীৰ আলফা স্বাধীনত যোগদানক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ

ULFA (I)

আলফা শিৱিৰৰ ফাইল ফটো।

ৰাজ্যখনৰ দুগৰাকী সম্ভাৱনাপূৰ্ণ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সাৰৰ লগতে আন তিনিগৰাকী যুৱতীয়ে বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)ত যোগদান কৰিছে।

শুকুৰবাৰে ভাইৰেল এক ভিডিঅ’ত মহিলা খেলুৱৈ দুগৰাকীয়ে তেওঁলোকৰ এই সিদ্ধান্তৰ কথা সদৰী কৰিছে।

ভিডিঅ’টোত মহিলা খেলুৱৈ দুগৰাকীক আন তিনিগৰাকী যুৱতীৰ সৈতে ঘন জংঘলত প্ৰৱেশ কৰা দেখা গৈছে।

প্ৰতিশ্ৰুতিসম্পন্ন কিক বক্সাৰ নয়নমনি চেতিয়া আৰু সবিতা চেতিয়া আন তিনিগৰাকী যুৱতীৰ সৈতে মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছিল।

ইয়াৰে নয়নমনি চেতিয়াৰ ঘৰ তিনিচুকীয়া জিলাত আৰু সবিতা ধেমাজি জিলাৰ গোগামুখৰ বাসিন্দা।

ইপিনে, তিনিচুকীয়াৰ চাংমাই গাঁৱৰ নয়নমণি চেতিয়া উৰফে ইহুম চেতিয়াৰ আলফা (স্বাধীন)ত যোগদানৰ খৱৰে পৰিয়ালৰ লোকসকলক আচৰিত কৰি তুলিছে।

এটি ৭ বছৰীয়া সন্তানৰ মাতৃগৰাকীয়ে কিহৰ বাবে আলফা স্বাধীনত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে তাক লৈও চৰ্চা আৰম্ভ হৈছে।

ভিডিঅ’টোক দেখা যোৱা তিনিগৰাকী যুৱতীৰ ভিতৰত এগৰাকীক লখিমপুৰ জিলাৰ লালুকৰ শৰ্মিষ্ঠা শইকীয়া বুলি চিনাক্ত কৰা হৈছে।

আনহাতে, মৰিগাঁও আৰু মাজুলীৰ পৰা অহা যুৱতী দুগৰাকীৰ পৰিচয় এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই।

অসম চৰকাৰে বিদ্ৰোহী সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বুৰৱাৰ সৈতে শান্তি আলোচনা কৰিবলৈ যোগাযোগ অব্যাহত ৰখাৰ সময়তে এইদৰে ৰাজ্যখনৰ যুৱতী-বোৱাৰী আলফা (স্বাধীন)ত যোগদান কৰিবলৈ জংঘলত প্ৰৱেশ কৰাটোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপতে কৈছিল যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আলফা (স্বাধীন)ৰ সৈতে প্ৰাথমিক আলোচনা অনুষ্ঠিত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছে।