NORTHEAST NOW (Assamese)

ডিগবৈত বিদ্যুতস্পৃষ্ট হৈ প্ৰাণ গ’ল একেটা পৰিয়ালৰ দুগৰাকী মহিলাৰ

May 27, 2019 8:46 pm · মানস প্ৰতিম গগৈ
বিদ্যুত স্পৃষ্ট হৈ মৃত্যুক সাৱতা মহিলাদুগৰাকীক চিকিৎসালয়লৈ নিয়াৰ সময়ত

তিনিচুকীয়া জিলাৰ  ডিগবৈত বিদ্যুতস্পৃষ্ট হৈ একেটা পৰিয়ালৰ দুগৰাকী মহিলাই কৰুণ মৃত্যুক সাৱতিব লগা হোৱা ঘটনাই সমগ্ৰ ডিগবৈত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণী মতে, ডিগবৈ থানাৰ অন্তৰ্গত  ১ নং গোলাইত মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়। ১নং গোলাইৰ নিবাসী দুই ভাতৃ বিষ্ণু মুখিয়া আৰু অৰ্জুন মুখিয়াৰ পত্নী ক্ৰমে অঞ্জু মুখিয়া (২৯) আৰু ৰিতা মুখিয়া (২২) আজি দিনৰ ভাগত নিজ গৃহতেই বিদ্যুতস্পৃষ্ট হৈ মৃত্যুৰ মুখত পৰে।

দিনৰ ভাগত দুয়োগৰাকী মহিলাই  ঘৰত কাম কৰি থকাৰ সময়তে শোকাৱহ ঘটনাটো সংঘটিত হয়। ঘৰত বিচনা পাৰি থাকোতে অঞ্জুয়ে প্ৰথমে দুৰ্ভাগ্যবশত বিদ্যুতস্পৃষ্ট  হয়।

আনহাতে, অঞ্জুক বচাবলৈ যাওঁ‌তে ৰিতাও বিদ্যুতস্পৃষ্ট হ’বলগীয় হয়। স্থানীয় এটি কিশোৰে প্ৰথমে ঘটনাটো প্ৰত্যক্ষ কৰি ৰাইজক খবৰ দিয়াত ৰাইজে দুয়োকে উদ্ধাৰ কৰি ডিগবৈস্থিত অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে।

ডিগবৈ আৰক্ষীয়ে ইতিমধ্যে দুয়োটা মৃতদেহ আই, অ ,চি , শৱ গৃহত ৰাখি মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে । বিদ্যুতস্পৃষ্ট হৈ একেতা পৰিয়ালৰ দুগৰাকী মহিলাৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে।

Related News