• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিয়ে সৃষ্টি কৰা ধৰ্মীয় আবেগে বিপদত পেলাইছে কংগ্ৰেছক : উদ্বিগ্ন তৰুণ গগৈ

অনিৰ্বান পাঠক by অনিৰ্বান পাঠক
May 27, 2019 8:44 pm
Citizenship bill: Former Assam CM Tarun Gogoi slams HM Amit Shah

তৰুণ গগৈৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত বিৰোধী কংগ্ৰেছে বিজেপিৰ বৃহৎ জয়ক সমগ্ৰ দেশত হোৱা ধৰ্মীয় আবেগৰ ফল বুলি অভিহিত কৰিছে। এই আবেগেই বিজেপিক লাভান্বিত কৰাৰ বিপৰীতে কংগ্ৰেছক বিপৰ্যস্ত কৰিছে।

কংগ্ৰেছ দলৰ বাবে বিজেপি সৃষ্ট ধৰ্মীয় আবেগ শংকাৰ কাৰণ হৈ পৰাৰ কথা প্ৰকাশ কৰিছে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। সোমবাৰে দিচপুৰৰ চৰকাৰী বাসভৱনত সংবামেল সম্বোধন কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিছে।

Apply Now

‘’এয়া আমাৰ বাবে অতি কঠিন সময়। ধৰ্মীয় আবেগৰ বিৰুদ্ধে যুঁজ দিয়াটো সহজ কথা নহয়’’,-তৰুণ গগৈয়ে সংবাদমেলত কয়।

দেশৰ আগশাৰীৰ প্ৰবীণ ৰাজনীতিক গৰাকীয়ে শেহতীয়া নিৰ্বাচনত বিজেপিয়ে ধনবল আৰু প্ৰচাৰ, বিভাজনৰ ৰাজনীতি, ধৰ্মৰ নামত আবেগ সৃষ্টিৰে যি ৰাজনৈতিক কৌশল লৈছিল তাত জয়ী হোৱা বুলি মন্তব্য কৰে। বিশেষকৈ ধৰ্মৰ নামত আবেগ সৃষ্টিৰে সকলো ইছ্যুৰ পৰা ফালৰি কটা বুলিও তেওঁ প্ৰকাশ কৰে।

‘’২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে দুৰ্নীতি, ক’লা ধন, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আদি ইছ্যু লৈ আমাক পৰাজিত কৰিছিল। ২০১৪ চনত বিজেপি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল উন্নয়নৰ কথা কৈ আৰু দুৰ্নীতিৰ বিৰুদ্ধে। কিন্তু ২০১৯ৰ নিৰ্বাচন তেনে কোনো ইছ্যুৰ ওপৰত নহ’ল। মোদীয়ে দিয়া প্ৰতিশ্ৰুতি কিমান পূৰণ কৰিলে সেয়া ৰাইজৰ আগত প্ৰকাশ নকৰিলে। তাকে নকৰি কৌশলেৰে এই ইছ্যু বিলাকৰ পৰা ফালৰি কাটিছে’’,-তৰুণ গগৈয়ে সংবাদমেলত কয়।

তেওঁ লগতে কয় যে এইবাৰ মোদীয়ে জাতীয়তাবাদৰ কথা কৈছে, কিন্তু এই জাতীয়তাবাদ ভাৰতীয় জাতীয়তাবাদ নহয়, ‘হিন্দুত্ব’ জাতীয়তাবাদৰহে কথা কৈছে বুলিও তৰুণ গগৈয়ে কয়।

‘’পাকিস্তানৰ পৰা আমাৰ আশংকা আছে আৰু দেশক কেৱল মোদীয়েহে ৰক্ষা কৰিব পাৰিব’’ এনেধৰণৰ ভাৱ মানুহৰ মনত সুমুৱাই দিয়া হৈছে বুলিও গগৈয়ে লগতে কয়।

নাগৰিকত্ব সংশোধনী বিধেয়ক, কাগজ কল, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আদিক লৈ কিছুদিন আগলৈ উত্তাল হৈ থকা অসমতো বিজেপিৰ ধনবল আৰু ধৰ্মীয় আবেগৰ প্ৰকোপত সকলো নিঃচিহ্ন হৈ যোৱা বুলি তেওঁ মন্তব্য কৰে।

একেখন সংবাদমেলতেই গগৈয়ে অসমৰ পৰা নিৰ্বাচিত হোৱা বিজেপি প্ৰাৰ্থীসকলে ‘’সংসদত কি মাত মাতিব, তেওঁলোকে নিমাতি কইনা হৈ থাকিব’’ বুলিও মন্তব্য কৰে। ইয়াৰ বিপৰীতে তেওঁ নিজেই ১৯৭১ চনৰ পৰা সাংসদ হৈ থাকোতে সদনত অসমৰ হৈ কেনেদৰে মাত মাতিছিল সেয়া চাবলৈ আহ্বান জনায়।

অনিৰ্বান পাঠক

অনিৰ্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd