দুগৰাকী মহিলাক বিভ্ৰান্ত কৰা গোচৰ খাৰিজ! উচ্চতম ন্যায়ালয়ৰ পৰা সদগুৰুক ডাঙৰ সকাহ

বিভ্ৰান্তিৰ গোচৰত সদগুৰুৱে যথেষ্ট সকাহ পালে। তেওঁৰ সংগঠন ঈশা ফাউণ্ডেচনৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। ঈশা ফাউণ্ডেশ্যনৰ বিৰুদ্ধে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ তদন্তৰ নিৰ্দেশ উপযুক্ত নহয় বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰে।

সদগুৰুৱে দুই কন্যাক বিভ্ৰান্ত কৰাৰ পাছত ছোৱালীকেইজনীয়ে ঘৰ এৰি সদগুৰুৱে সৃষ্টি কৰা সংগঠন ঈশা ফাউণ্ডেশ্যন আশ্ৰমত তপস্বী জীৱন বাছি লৈছিল। তামিলনাডুৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপকে এই অভিযোগত মাদ্ৰাজ উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰে। ইয়াৰ পাছত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে সদগুৰু আৰু তেওঁৰ ধৰ্মীয় সংগঠনৰ বিৰুদ্ধে আৰক্ষীৰ তদন্তৰ নিৰ্দেশ দিয়ে। সেই নিৰ্দেশৰ বিৰুদ্ধে সদগুৰুৱে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কয় যে সদগুৰুৰ বিৰুদ্ধে ভ্ৰমিত কৰাৰ কোনো প্ৰমাণ পোৱা নাই। ‘ব্ৰেইনৱাছিং’ৰ অভিযোগ উত্থাপন হোৱা মহিলা দুগৰাকীয়ে নিজেই কৈছে যে তেওঁলোকে স্বেচ্ছাই সদগুৰুৰ আশ্ৰমত থাকিবলৈ লৈছে। দুয়োগৰাকী মহিলা প্ৰাপ্তবয়স্ক। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কয় যে ২৪ আৰু ২৭ বছৰীয়া মহিলা দুগৰাকীয়ে নিজাববীয়াকৈ উচ্চ ন্যায়ালয়ত হাজিৰ হৈছিল। ফলত সদগুৰু সংগঠনৰ বিৰুদ্ধে দাখিল কৰা ‘হাবাছ কৰ্পাছ’ৰ গোচৰটো এতিয়া বৈধ নহয়।

অৱশ্যে এই গোচৰত সকাহ পোৱাৰ পাছতো সদগুৰুৰ সংগঠনে এতিয়াও শিশু নিৰ্যাতন গোচৰত সকাহ পোৱা নাই। কিছুদিন পূৰ্বে ইছা ফাউণ্ডেচনৰ সৈতে জড়িত এগৰাকী চিকিৎসকৰ বিৰুদ্ধে শিশু নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল। চিকিৎসকগৰাকীৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। অৱশ্যে ঈশা ফাউণ্ডেশ্যনৰ অধিবক্তা মুকুল ৰোহাটগীয়ে দাবী কৰে যে এই কাণ্ড আশ্ৰমৰ ভিতৰত সংঘটিত হোৱা নাই। উচ্চতম ন্যায়ালয়ে গোচৰৰ তদন্তত কোনো ধৰণৰ স্থগিতাদেশ দিয়া নাছিল।