তৃতীয় বৰ্ষপূৰ্তিত ভৰি দিলে কলিয়াবৰৰ হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়ে

সফলতাৰে তৃতীয়টো বৰ্ষপূতিত ভৰি দিলে কলিয়াবৰৰ টেটুলগুৰিস্থ হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়ে। এই উপলক্ষে ২ নৱেম্বৰত বিদ্যালয়ৰ পতাকা উত্তোলনেৰে দিনযোৰা কাৰ্যসূচীৰ শুভ আৰম্ভণিৰে মুকলি সভা, ছাত্ৰ-ছাত্ৰীৰ মাজত বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰে অনুষ্ঠিত হয় বিদ্যালয়ৰ বৰ্ষপূতি অনুষ্ঠান।

বৰ্ষপূতি অনুষ্ঠানতে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা আগবঢ়োৱা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ তৰফৰ পৰা পুৰস্কাৰ, মানপত্ৰৰে পুৰস্কৃত কৰা হয়।

কলিয়াবৰৰ আগশাৰীৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহৰ ভিতৰত টেটুলগুৰিৰ এই হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়খনেও উঠি অহা নৱপ্ৰজন্মৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ ভৱিষ্যত জীৱনৰ জ্ঞানৰ এক উচ্চ শিক্ষৰলৈ গতি কৰা পৰিলক্ষিত হৈছে।

সকলো ধৰণৰ সা-সুবিধাৰ লগতে বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ডই ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক তথা শিক্ষিত সমাজলৈ বিগত সময়চোৱাত এক আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি স্থানীয় সচেতন লোকে মন্তব্য কৰে।

আনহাতে এই বৰ্ষপূতি অনুষ্ঠানটোত নিমন্ত্ৰণী অতিথি হিচাপে উপস্থিত থাকি কলিয়াবৰৰ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ ভূপেন শর্মাই ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক সকলকো ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ গঢ়াৰ বিষয় সন্দৰ্ভত মন্তব্য কৰে।

তাৰোপৰি বৰ্ষপূৰ্তি অনুষ্ঠানতে বিদ্যালয় কৰ্তৃপক্ষই আগন্তুক দিনত অভিভাৱক তথা স্থানীয় ৰাইজৰ পৰা পূৰ্ণ সহযোগিতা কামনা কৰে।