• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষীৰ ছদ্মৱেশ লৈ ব্লেকমেইল : ৯ ঘন্টা উলংগ কৰি ভিডিঅ’ কলত ডিজিটেল এৰেষ্ট দুই যুৱতীক

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 23, 2025 2:50 pm
131
VIEWS
Share on FacebookShare on Twitter

আৰক্ষীৰ ছদ্মৱেশ ধৰি অশালীন কাণ্ড, ব্লেকমেইল। এক ভয়ংকৰ চাইবাৰ জালিয়াতিৰ বলি হৈছে বেংগালুৰুৰ দুগৰাকী যুৱতী।

অভিযোগ অনুসৰি মুম্বাই আৰক্ষীৰ ৰূপ লৈ এদল প্ৰৱঞ্চকে ভিডিঅ’ কল (ডিজিটেল এৰেষ্ট) কৰি তেওঁলোকক হাৰাশাস্তি কৰে। যোৱা ১৭ জুলাইত সংঘটিত হয় এই ঘটনা।

সূত্ৰ অনুসৰি সেইদিনা যুৱতী দুগৰাকীলৈ এটা ফোন আহে। ফোনকলত অপৰাধীয়ে তেওঁলোকক মুম্বাই আৰক্ষী বুলি পৰিচয় দিয়ে।

প্ৰৱঞ্চকে কয় যে যুৱতী দুগৰাকী জেট এয়াৰৱেজৰ সৈতে জড়িত আৰ্থিক জালিয়াতিৰ গোচৰত জড়িত। লগতে, কোৱা হৈছিল যে মানৱ সৰবৰাহ আৰু হত্যাৰ দৰে অপৰাধত তেওঁলোক জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে।

প্ৰৱঞ্চক কেইজনৰ হাতত আছিল যুৱতীগৰাকীৰ আধাৰ নম্বৰকে ধৰি কেইবাটাও ব্যক্তিগত তথ্য। ভুৱা গ্ৰেপ্তাৰৰ পৰোৱানাও দেখুৱাইছিল। তাৰ পিছত আৰ বি আই আৰু চি বি আইৰ গাইডলাইনৰ ভিত্তিত  ‘ভেৰিফিকেচন’ৰ বাবে ধন দিব লাগে বুলি দাবী কৰি তেওঁলোকৰ পৰা ৫৮,৪৭৭ টকা লয় প্ৰৱঞ্চকে।

কেৱল এয়াই নহয়৷ হোৱাটছএপত ভিডিঅ’ কল কৰি যুৱতী দুগৰাকীক উলংগ কৰিবলৈ বাধ্য কৰাইছিল প্ৰৱঞ্চকসকলে। তেওঁলোকৰ শৰীৰত গুলীৰ চিন বা টেটু আছে নে নাই পৰীক্ষা কৰিবলৈ এই ‘শাৰীৰিক পৰীক্ষা’ কৰাটো প্ৰয়োজনীয় বুলি কোৱা হৈছিল! তেওঁলোকক ভাবুকি দি কোৱা হৈছিল যে তেওঁলোক এতিয়া ‘ডিজিটেল আৰু হাউচ এৰেষ্ট’ত আছে, আৰু কেমেৰা বন্ধ কৰিলে অধিক বিপদ হ’ব।

প্ৰায় ৯ ঘণ্টা ধৰি এনেদৰে চলি থাকিল। কিন্তু নিশা ৮ বজালৈকে এগৰাকী যুৱতীয়ে বন্ধু এজনক এই ঘটনাৰ বিষয়ে অৱগত কৰে। তাৰ পৰাই জালিয়াতিৰ সমগ্ৰ কাণ্ড উন্মোচিত হ’ল।

পিছদিনা যুৱতী দুগৰাকী থানালৈ গ’ল। পিছত তেওঁলোকে শিৱজিনগৰৰ চাইবাৰ এণ্ড ইকনমিক অফেন্স শাখা (CEN Crime Branch)ত এজাহাৰ দাখিল কৰে। প্ৰৱঞ্চকৰ ফোন নম্বৰ আৰু ইউ পি আইৰ লেনদেনৰ সবিশেষ আৰক্ষীক গতাই দিয়াৰ পিছতে অভিষেক নামৰ এজন লোকৰ নাম পোহৰলৈ আহে।

আৰক্ষীয়ে জনোৱা মতে, তদন্ত আৰম্ভ কৰা হৈছে। অভিযুক্তক চিনাক্ত কৰি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।

যুৱতীকেইগৰাকীয়ে তেওঁলোকৰ সৈতে হোৱা ভিডিঅ’ কলৰ কোনো ফুটেজ যাতে ছ’চিয়েল মিডিয়াত প্ৰচাৰ নহয় তাৰ বাবে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।

Recent News

ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী! কৌশলগত অংশীদাৰিত্ব আৰু সহযোগিতা বৃদ্ধিৰ প্ৰতিশ্ৰুতি

ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদী! কৌশলগত অংশীদাৰিত্ব আৰু সহযোগিতা বৃদ্ধিৰ প্ৰতিশ্ৰুতি

আৰক্ষীৰ ছদ্মৱেশ লৈ ব্লেকমেইল : ৯ ঘন্টা উলংগ কৰি ভিডিঅ’ কলত ডিজিটেল এৰেষ্ট দুই যুৱতীক

আৰক্ষীৰ ছদ্মৱেশ লৈ ব্লেকমেইল : ৯ ঘন্টা উলংগ কৰি ভিডিঅ’ কলত ডিজিটেল এৰেষ্ট দুই যুৱতীক

বোকাখাতত “প্ৰগতিশীল ছাত্ৰ আন্দোলনত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি” শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

বোকাখাতত “প্ৰগতিশীল ছাত্ৰ আন্দোলনত চিদানন্দ শইকীয়াৰ ভূমিকা আৰু সাম্প্ৰতিক গোলাঘাটৰ ছাত্ৰ ৰাজনীতি” শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ! দুই কুকি গোটৰ মাজত হোৱা সংঘৰ্ষত নিহত ৫ বিচ্ছিন্নতাবাদী

পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ! দুই কুকি গোটৰ মাজত হোৱা সংঘৰ্ষত নিহত ৫ বিচ্ছিন্নতাবাদী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd