NORTHEAST NOW (Assamese)

কেমেৰাৰ সন্মুখতে বিষাক্ত সাপ উদ্ধাৰৰ শিহৰণকাৰী দৃশ্য; জয়সাগৰৰ দুই যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস

June 24, 2022 1:18 pm · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

মানুহৰ ঘৰত সোমাই থকা এটা প্ৰকাণ্ড সাপ সুকলমে উদ্ধাৰ কৰিছে দুই যুৱকে। শিহৰণকাৰী এই দৃশ্য দেখি সঁচাকৈয়ে অভিভূত হৈ পৰে উপস্থিত লোকসকল। বন্যপ্ৰাণী প্ৰিয় এই দুই যুৱকৰ ব্যতিক্ৰমী প্ৰয়াসক প্ৰশংসাও কৰিছে বিভিন্নজনে।

বিলুপ্তিৰ দিশে গতি কৰা বিষাক্ত সাপকে ধৰি বিভিন্ন বন্যপ্ৰাণী উদ্ধাৰ কৰি সুৰক্ষিত স্থানত মুকলি কৰি আহিছে জয়সাগৰৰ আকাশ দাস আৰু বিশ্বজিত বৰুৱাই।

লগতে পঢ়ক: নিমাতী ঘাটত দম দম দেশীয় সুৰাৰ লগতে প্লাষ্টিকৰ খালী পানী বটল: ‘মন যায়’গ্ৰুপৰ চাফাই অভিযান

প্ৰকৃতিৰ অনন্য সুন্দৰ এই বন্যপ্ৰাণীসমুহ ভৱিষ্যত প্ৰজন্মই দেখা পোৱাৰ স্বাৰ্থত বিভিন্ন প্ৰজাতিৰ সাপৰ লগতে আন আন বন্যপ্ৰাণীসমুহ হত্যাৰ পৰিৱৰ্তে সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনোৱা এই দুই যুৱকে বিগত পাঁচটা বছৰ ধৰি বিভিন্ন সময়ত মানুহৰ ঘৰত প্ৰৱেশ কৰা বিভিন্ন প্ৰজাতিৰ সাপৰ লগতে অন্যান্য বন্যপ্ৰাণী উদ্ধাৰ কৰি সুৰক্ষিত স্থানত মুকলি কৰি আহিছে।

উল্লেখ্য যে সাপ আৰু আন আন বন্যপ্ৰাণী সুৰক্ষা নিশ্চিত কৰাৰ লগতে বন্যপ্ৰাণী সম্পৰ্কে আপুনি বহু কথা জানিব পৰাকৈ দুই যুৱকে Wildlife Rescue নামেৰে এটা You Tube চেনেলো আৰম্ভ কৰিছে।

লগতে পঢ়ক: Free Food Scheme: বিঘ্নিত হ’ব দুখীয়াৰ কল্যাণ! বিনামূলীয়া খাদ্য আঁচনি সম্প্ৰসাৰণত বিত্ত মন্ত্ৰালয়ৰ সতৰ্কবাণী

প্ৰয়োজন সাপেক্ষে শিৱসাগৰৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজে আকাশ দাসক 6002408566 আৰু বিশ্বজিত বৰুৱাক 9954908530 নম্বৰত যোগাযোগ কৰি তেওঁলোকৰ সমস্যা সমাধান কৰাৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰাত সহযোগিতা আগবঢ়াব পাৰে।

Related News