NORTHEAST NOW (Assamese)

ভয়ংকৰ ঘটনা : বন্ধুৰ গোপন অংগত পানীৰ পাইপ সুমুৱাই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ২ যুৱক

May 20, 2025 7:20 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
Updated: May 20, 2025 6:08 pm

বন্ধুৰ গোপন অংগত পানীৰ পাইপ সুমুৱাই হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে ২ জনকৈ যুৱক। আন দুজন অভিযুক্ত এতিয়াও পলাতক হৈ আছে বুলি জানিব পৰা গৈছে। ফৰিদাবাদৰ ছেক্টৰ ৫৮ এলেকাত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, স্থানীয় সঞ্জয় কলনীৰ বাসিন্দা মনোজ চৌহানক চাৰিজন বন্ধু – আতিন্দৰ, কাৰ্তিক, সন্দীপ আৰু ৰাহুলে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। মনোজে এটা ফাৰ্ম হাউচত গা ধুই থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।

অভিযোগ অনুসৰি চাৰিওজন বন্ধুৱে মনোজৰ ব্যক্তিগত অংগত পানীৰ পাইপ সুমুৱাই দিয়ে। তাৰ পাছত জোৰকৈ পানী এৰি দিয়ে। যাৰ বাবে মনোজ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পিছত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। ঘটনাৰ পিছতে মনোজৰ ভাতৃ আনন্দ চৌহানৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ নিৰ্দিষ্ট ধাৰাত ৫৮ নং ছেক্টৰ থানাত অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়।

আৰক্ষীত দাখিল কৰা এজাহাৰৰ ভিত্তিত ১৭ মেৰ পুৱা চাৰিজন বন্ধুৱে মনোজক লৈ গৈছিল এটা ফাৰ্ম হাউচলৈ। ইয়াৰ পিছতে তেওঁক গুৰুতৰ অৱস্থাত ঘৰলৈ পঠিওৱা হয়।

ঘটনাৰ পিছতে সঞ্জয় কলনী অঞ্চলৰ বাসিন্দা অভিযুক্ত সন্দীপ আৰু ৰাহুল ওৰফে কাবুটাৰক গ্ৰেপ্তাৰ কৰা হয়। বাকী দুজন অভিযুক্ত আতিন্দৰ আৰু কাৰ্তিক বিচাৰি অভিযান আৰম্ভ হৈছে।জেৰাৰ সময়ত অভিযুক্তই কয় যে তেওঁলোক মনোজৰ বন্ধু। ১৬ মে’ৰ নিশা তেওঁলোকে এখন বিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল। পিছদিনা ডাম্পিং গ্ৰাউণ্ডৰ ওচৰৰ এটা ফাৰ্ম হাউচলৈ গৈছিল। ঘটনাৰ সময়ত সন্দীপে মনোজক ধৰি ৰাখিছিল। সেই সময়ত ৰাহুলে ছাবমাৰচিবলৰ পৰা পানীৰ পাইপ এটা মনোজৰ ব্যক্তিগত অংগত সুমুৱাই দিলে। পানীৰ প্ৰবল গতিৰ বাবে আভ্যন্তৰীণভাৱে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মনোজ। পিছত চিকিৎসালয়ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে জনোৱা মতে, বাকী দুজন অভিযুক্তৰ সন্ধানত তালাচী অব্যাহত আছে।

Related News