• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সকলো বিষয়তে ৰাজনীতিৰ ৰহন সানি দলীয় কৰিব বিচাৰে কিয় কেন্দ্ৰীয় চৰকাৰে?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
May 20, 2025 7:15 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত, ভাৰত আৰু পাকিস্তানৰ মাজত উদ্ভৱ হোৱা সামৰিক উত্তেজনা সম্প্ৰতি শাম কাটিবলৈ আৰম্ভ কৰিছে যদিও পৰিস্থিতি কিন্তু এতিয়াও সম্পূৰ্ণ স্বাভাৱিক হৈ উঠা নাই। যোৱা ২২ এপ্ৰিলৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু তাৰপিছত ভাৰতৰ সৈন‍্যবাহিনীৰ সন্ত্ৰাসবাদীৰ ঘাটিত সিন্দুৰ অভিযানে দুয়োখন দেশৰ মাজৰ পৰিস্থিতি উত্তপ্ত আৰু যুদ্ধোন্মুখ কৰি তুলিছিল। কিন্তু সৌভাগ‍্যক্ৰমে ১০ মেৰ দিনা  ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধ-বিৰতিৰ পিছত, সম্প্ৰতি পৰিস্থিতি ক্ৰমাত স্বাভাৱিক অৱস্থালৈ আহিবলৈ ধৰিছে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক ভাৰতবৰ্ষত, সকলোৱে একমুখে গৰিহণা দিছিল।সন্ত্ৰাসবাদীৰ ঘাটিত সেনাবাহিনীয়ে  চলোৱা সিন্দুৰ অভিযানকো দল মত নিৰ্বিশেষে দেশৰ ভিতৰৰ সকলোৱে সমৰ্থন কৰিছিল। ৰাষ্ট্ৰীয় নিৰপত্তাৰ প্ৰশ্নটো যে দলীয় ৰাজনীতিৰ উৰ্দ্ধৰ, সেইটো সকলোৱে মানি লৈছিল। কিন্তু এই সময়ছোৱাত অনুষ্ঠিত হোৱা দুয়োখন সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  উপস্থিত থকা নাছিল। তাৰপিছত, সিন্দুৰ অভিযানৰ সফলতাক লৈ বিজেপিয়ে ত্ৰিৰংগা যাত্ৰা উলিয়াইছিল যিটো দেখদেখকৈ  দেশৰ নিৰপত্তাৰ প্ৰশ্ন এটাৰ ৰাজনীতিকৰণ। এতিয়া, ভাৰতীয় ৰে’লেৱেৰ ই-টিকতত মোদীৰ ছৱি দি সিন্দুৰ অভিযানৰ  উল্লেখ কৰাটোও দেশৰ নিৰপত্তাৰ প্ৰশ্ন এটাকলৈ ৰাজনীতি কৰা হোৱা নাইনে? তাৰমানে,  শাসকদলে ৰাষ্ট্ৰীয় নিৰপত্তাৰ প্ৰশ্ন এটাক দলীয় প্ৰচাৰৰ আহিলা কৰাত আপত্তি নাই। কিন্তু আন দলে কৰাতহে আপত্তি। কিয়নো এই বিষয়ে আন দলে যদি চৰকাৰৰ ভুল ত্ৰুটি আঙুলিয়াই দিয়ে  তেতিয়া  বিজেপিয়ে কিন্তু তৎক্ষণাত তাত ৰাজনীতিৰ গোন্ধ পায়।

যোৱা দুই-তিনি দিন আমি আন এক ৰাজনৈতিক বিতৰ্ক  লক্ষ‍্য কৰিছোঁ। পাকিস্থানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে পেহেলগামত কৰা আক্ৰমণ, সিন্দুৰ অভিযান আৰু তাৰপিছত ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা সামৰিক উত্তেজনা- এই সমগ্ৰ পৰিস্থিতিটোৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় মহলত ভাৰতৰ স্থিতি আৰু অৱস্থান দাঙি ধৰিবলৈ ভাৰত চৰকাৰে পৃথিৱীৰ বিভিন্ন দেশলৈ কেইবাটাও প্ৰতিনিধি দল পঠিওৱাৰ সিদ্ধান্ত লৈছে যিটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। সামৰিক ৰণ কৌশলৰ লগত কূটনীতিৰ সম্পৰ্ক এৰাব নোৱাৰা। পেহালগামৰ সন্ত্ৰাসবাদী আক্ৰমণটো কিমান ভয়াবহ আছিল আৰু ভাৰতে কিয় সিন্দুৰ অভিযান চলাবলৈ বাধ‍্য হৈছিল বা ইমানদিন কিয় পাকিস্তানে সন্ত্ৰাসবাদী সকলক আশ্ৰয় দি আহিছে- সেইবোৰ কথা আন্তৰ্জাতিক মহলত সঠিকভাবে উপস্থাপন কৰাটো এটা অত‍্যন্ত গুৰুত্বপূৰ্ণ কূটনৈতিক পদক্ষেপ। তাৰকাৰণে চৰকাৰে সাতটা সৰ্বদলীয় প্ৰতিনিধি দল পৃথিৱীৰ বিভিন্ন দেশলৈ পঠিয়াবলৈ লোৱা সিদ্ধান্তটো এক প্ৰশংসনীয় পদক্ষেপ। সেইখিনিলৈ সকলো ঠিকে আছিল।

Apply Now

কিন্তু কেনা লাগিল প্ৰতিনিধি নিৰ্বাচনৰ প্ৰক্ৰিয়াক লৈ। এটা ৰাজনৈতিক দলে এনে এটা প্ৰতিনিধি দলৰ বাবে তেওঁলোকৰ দলৰ পৰা কাক নিৰ্বাচন কৰিব সেইটো ৰাজনৈতিক দলটোৰ নিজৰ কথা। তাত শাসকীয় দলটোৱে হস্তক্ষেপ কৰিব নোৱাৰে। কিন্তু আমি আচৰিত হৈছোঁ যে শাসকীয় বিজেপিয়ে ঠিক সেইটোৱে কৰিছে। কংগ্ৰেছে সৰ্বদলীয় প্ৰতিনিধিৰ বাবে তেওঁলোকৰ দলৰ পৰা নাম দিছিল পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী আনন্দ শৰ্মা আৰু বৰ্তমানৰ লোকসভাৰ উপদলপতি গৌৰৱ গগৈ আৰু আন দুজনৰ । কিন্তু কংগ্ৰেছৰ মতৰ বিপৰীতে গৈ তেওঁলোকৰ দলৰ পৰা শশী থাৰুৰ আৰু আন তিনিজনৰ নামহে সৰ্বদলীয় প্ৰতিনিধি দলত অন্তৰ্ভুক্ত কৰাৰ কথা ওলাল যিটো কংগ্ৰেছৰ প্ৰচাৰ কোষৰ মূৰব্বী জয়ৰাম ৰমেশে সমালোচনা কৰিছে।  ঠিক একেটা ঘটনা ঘটিছে তৃণমূল কংগ্ৰেছৰ ক্ষেত্ৰত। তৃণমূল কংগ্ৰেছৰ মূৰব্বী মমতা বেনাৰ্জী আৰু  সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়েও চৰকাৰে বিদেশলৈ সৰ্বদলীয় প্ৰতিনিধি দল পঠিওৱা সিদ্ধান্তটো আদৰণি জনাইছে। কিন্তু তেওঁলোক  দুয়ো স্পষ্টভাবে কৈছে এই প্ৰতিনিধি সকলৰ মাজত তৃণমূল কংগ্ৰেছৰ পৰা কোন থাকিব সেই সিদ্ধান্ত তৃণমূল কংগ্ৰেছেহে ল’ব, বিজেপি চৰকাৰে ল’ব নোৱাৰে। ভাৰতীয় জনতা পাৰ্টিয়ে অন‍্য দলৰ ভিতৰত কেনেকৈ হস্তক্ষেপ কৰিব পাৰে? আমি দেখিছোঁ যোৱা সময়ছোৱাত বিভিন্ন প্ৰসংগত, বিশেষকৈ ভাৰত- পাকিস্তান উত্তেজনাৰ ক্ষেত্ৰত শশী থাৰুৰৰ মতামত চৰকাৰৰ মতামতৰ লগত প্ৰায় একে। সেইটো আপোনালোকে শশী থাৰুৰ সৈতে অলপতে ‘দা ৱায়াৰ’ৰ হৈ কৰণ থাপৰে লোৱা  সাক্ষাৎকাৰটো চালেই গম পাব। কিন্তু কংগ্ৰেছৰ মতামত বেলেগ। তেনেস্থলত দলৰ মতৰ বিপৰীতে গৈ কংগ্ৰেছ দলৰ পৰা শশী থাৰুৰক সৰ্বদলীয় প্ৰতিনিধি দলত অন্তৰ্ভুক্ত কৰাটো এটা নিম্নমানৰ ৰাজনীতি নহয়নে? তাকো ৰাষ্ট্ৰীয় নিৰপত্তাৰ বিষয় এটালৈ শাসকীয় বিজেপি দলটোৱে এনে কূটিল ৰাজনীতি কৰাটো উচিত হৈছেনে। বিজেপিয়ে দেশৰ কথাকলৈ ৰাজনীতি কৰা বুলি আনক হাঁহে। কিন্তু নিজে হ’লে সকলো কথা দলীয় ৰাজনীতিৰ উৰ্দ্ধলৈ গৈ কেতিয়াও নোৱাৰে।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am
জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

July 23, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd