• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’না কালত চুম্বন বিপৰ্যয়! চুমা কেলেংকাৰীত ব্ৰিটেইনৰ স্বাস্থ্যমন্ত্ৰী মেট হেনককৰ পদত্যাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2021 9:31 am
Mat Hencock

ব্ৰিটেইনৰ স্বাস্থ্যমন্ত্ৰী মেট হেনকক আৰু বান্ধৱী গিনা ক’লড্যাংগেল।

251
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ বিধি-নিৰ্দেশনা উলংঘা কৰি ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ বিষয়া তথা বান্ধৱী গিনা ক’লড্যাংগেলক সাৱটি ধৰি চুমা খোৱা ঘটনাত ক্ষমা বিচাৰি অৱশেষ পদত্যাগ কৰিলে দেশখনৰ স্বাস্থ্যমন্ত্ৰী মেট হেনককে।

শনিবাৰে প্ৰধানমন্ত্ৰী বৰিছ জনছনলৈ এখন পত্ৰ লিখি পদত্যাগ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

মেট হেনককৰ পদত্যাগৰ পাছত দেশখনৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছে পাকিস্তানী বংশোদ্ভৱ ৰাজনীতিক ছাজিদ জাভিদে। ইয়াৰ পূৰ্বে তেওঁ বিত্ত আৰু গৃহ বিভাগৰ দায়িত্ব চম্ভালিছিল যদিও প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সৈতে মতবিৰোধৰ বাবে পদত্যাগ কৰিবলগা হৈছিল।

উল্লেখ্য যে যোৱা ৬মে’ত দেশখনৰ দৈনিক কাকত দ্য ছান-ত এখন ছবি প্ৰকাস পাইছিল। তাত দেশখনৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ শীৰ্ষ পদবীধাৰী গিনা ক’লড্যাংগেলক  সাৱটি ধৰি স্বাস্থ্যমন্ত্ৰী মেট হেনককে গালত চুমা খাই থকা দেখা গৈছিল।

প্ৰথম অৱস্থাত ছবিখনে বিশেষ প্ৰভাৱ পেৱলোৱা নাছিল যদিও পাছত মেট হেনকক আৰু গিনা ক’লড্যাংগেলক লৈ দেশখনৰ আন বহু কাকত-আলোচনীত মুখৰোচক প্ৰতিবেদন প্ৰকাশ পাবলৈ ধৰে।

দেশখনত চলি থকা কৰ’নাৰ কঠোৰ বাধা-নিষেধৰ মাজতে ছবিখন প্ৰকাশ পোৱাত চৰকাৰৰ নেতাসকলে নিজেই নীতি-নিৰ্দেশনা নমনা বুলি দেশজুৰি চৰ্চা আৰম্ভ হয়।

অৱশেষত শলঠেকত পৰা চৰকাৰখনক বচাবলৈ মন্ত্ৰী পদ ত্যাগ কৰিবলগীয়া হ’ল মেট হেনককে।

মেট হেনকক আৰু গিনা ক’লড্যাংগেলৰ মাজত বন্ধুত্ব দীৰ্ঘদিনীয়া। দুয়োগৰাকীয়ে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ত এটা ৰেডিঅ’ ষ্টেশ্যনত অংশকালীন চাকৰি কৰিছিল। সেই সময়ৰে পৰা দুয়োৰে মাজত ঘনিষ্ঠতা গঢ়ি উঠিছিল।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd