• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2025 8:26 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter


অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে আজি গুৱাহাটীস্থিত ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত একাধিক গুৰুত্বপূৰ্ণ ৰাজনৈতিক মন্তব্য প্ৰদান কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰভাৱে কটাক্ষ কৰি কয়, “নিজৰ চৰকাৰৰ বিফলতা ঢাকিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মহম্মদ আলী জিন্নাৰ দৰে সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লৈছে। আমি অসমত তেনে ৰাজনীতি চলিবলৈ নিদিও।”

গগৈয়ে দাবী কৰে যে, বিজেপি আৰু তাৰ সহযোগী সংগঠনসমূহে অসমতো মণিপুৰৰ দৰে ভাতৃঘাতী সংঘাতৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে যদিও অসমীয়া ৰাইজে সেই ষড়যন্ত্ৰ ব্যৰ্থ কৰিব। “নিৰ্বাচন সমাগত। বিফলতা ঢাকিবলৈ এই সাম্প্ৰদায়িক ৰাজনীতি। বিজেপি, আৰএছএছ, বজৰং দল, ভিএইচপি আদিৰ এই ষ্ট্ৰেটেজিত ক্ৰিমিনেল মানসিকতাৰ লোকৰ ভূমিকা স্পষ্ট,” বুলি মন্তব্য কৰে সদ্য নিযুক্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে।

Apply Now

লখিপুৰত সাম্প্ৰতিক গো-মাংস উদ্ধাৰ সন্দৰ্ভত গগৈয়ে কয়, “এই আইডিয়াটো বিজেপিক কোনে দিলে? এতিয়ালৈ ধৰা পৰা সকলোৰে ওপৰত তদন্ত হ’ব লাগে।” তেওঁ লগতে কয় যে কংগ্ৰেছ সকলো ধৰ্ম, জাতি আৰু জনগোষ্ঠীৰ দল, যিয়ে বিভাজনৰ ৰাজনীতিৰ সলনি ঐক্যত বিশ্বাস কৰে।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীক কটাক্ষ কৰি তেওঁ কয়, ”গৌৰৱ গগৈৰ গাড়ীত কোন বহে, কোন নবহে সেইবোৰ কথা অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ পৰা জানিব নিবিচাৰে। চৌদিশে দেখা দিয়া সমস্যাসমূহ সমাধান কৰিবলৈ চৰকাৰে কি কৰিছে সেই কথাহে মুখ্যমন্ত্ৰীৰ পৰা ৰাইজে জানিব বিচাৰে।’’ এই প্ৰসংগতে তেওঁ বিগত নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বান সমস্যা ৰোধ কৰিবলৈ পুখুৰী খান্দিব বুলি কোৱা কথাৰ অৱতাৰণা কৰে। তেওঁ কয়, ”অমিত শ্বাহে কোৱা সেই পুখুৰী খন্দা হ’লনে? আমিও চাবলৈ যাও পুখুৰীকেইটা।মুখ্যমন্ত্ৰীয়ে এদিন কৈছিল যে তেওঁ মাটি দান দিব। ক’ত দান দিলে মাটি? আজি বড়ো, ৰাভা, কাৰ্বি, ডিমাছা ৰাইজৰ মাটিবোৰ কাঢ়ি লৈছেহে। তেওঁৰ পৰা ৰাইজে এইধৰণৰ ৰাজহুৱা স্বাৰ্থজনিত কথাবোৰহে জানিব বিচাৰে।

শিৱসাগৰত অএনজিচিৰ গেছ লীকৰ সৈতে নাম সাঙোৰ খাই পৰা লোকজনৰ স্থানীয় বিজেপি নেতাৰ সৈতে যে সম্পৰ্ক আছে বুলি ওলোৱা খবৰ সঁচা নে মিছা সেয়া ৰাইজে জানিব বিচাৰে।’’ আনহাতে একাংশ সংবাদ মাধ্যমে প্ৰদেশ কংগ্ৰেছৰ নতুন সমিতিত বংশবাদ আছে বুলি প্ৰকাশ কৰা বাতৰি সন্দৰ্ভতো গৌৰৱ গগৈয়ে সংবাদমেলত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে ছ’চিয়েল মিডিয়াৰ নৱনিযুক্ত অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাসৰ পৰিৱৰ্তে একাংশই প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰক লৈ লাগি আছে। কংগ্ৰেছত বংশবাদ আছেই যদি পৰিয়ালৰ কোনো লোক ৰাজনীতিত নথকা প্ৰফুল্ল কুমাৰ দাসৰ দৰে নেতাই কিদৰে ছ’চিয়েল মিডিয়া বিভাগৰ অধ্যক্ষ পদ পালে বুলি প্ৰশ্ন কৰে। গগৈয়ে কয় যে প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈ ছ’চিয়েল মিডিয়াৰ ক্ষেত্ৰখনত দখল থকা এগৰাকী প্ৰতিভাৱান যুৱক বাবেই ছ’চিয়েল মিডিয়া বিভাগত সম-অধ্যক্ষৰ দায়িত্ব লাভ কৰিছে।

]সংবাদমেলৰ মাজতে ৰসিকতা কৰি গগৈয়ে বিজেপিৰ ‘টাৰ্গেট গৌৰৱ’ সম্পৰ্কে কয়, ”বিজেপিয়ে মোক লৈ দুই-এদিনতে ভুৱা চিনেমা কৰিব বুলিও খবৰ পাইছো। কিবা কেৰেক্টাৰত মোৰ চেহেৰাতো লগাই দিব। এইবোৰ টেকন’লজিৰ যুগ। এআইৰ যুগ। গতিকে তেওঁলোকৰ টেকন’লজিৰ লগত যুঁজিবলৈ আমি টেকন’লজি জনা ইয়ং ল’ৰা এজনক লৈছো।’’

ইফালে, সভাপতিৰ দায়িত্ব লৈয়েই গঠন কৰি দিয়া বিভিন্ন জিলাৰ পৰ্যবেক্ষকসকলে দাখিল কৰা প্ৰতিবেদন সম্পৰ্কে দিনযোৰা চৰ্চা চলিব বুলিও আজিৰ সংবাদমেলত জানিবলৈ দিয়ে গৌৰৱ গগৈয়ে। উক্ত প্ৰতিবেদনৰ ভিত্তিতেই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সৈতে আলোচনা কৰি সমাগত বিধানসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰা হ’ব বুলিও সদৰী কৰে সভাপতি গগৈয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm
‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

October 29, 2026 7:09 pm
বৰদলৈ ট্ৰফীঃ গুৱাহাটী চিটি এফ চিক ৪-১ গ’লত পৰাস্ত কৰিলে গিৰিজানন্দ এছ চি-য়ে, ৫-০ গ’লত জয়লাভ এএছইবি-ৰ

বৰদলৈ ট্ৰফীঃ গুৱাহাটী চিটি এফ চিক ৪-১ গ’লত পৰাস্ত কৰিলে গিৰিজানন্দ এছ চি-য়ে, ৫-০ গ’লত জয়লাভ এএছইবি-ৰ

October 29, 2026 6:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd