ৰাছিয়াৰ সামৰিক অভিযানৰ মাজতে কীয়েভৰ ৰাজপথত জেলেনস্কিৰ সৈতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী

ৰাছিয়াৰ সামৰিক অভিযান চলি থকাৰ মাজতে হঠাতে ইউক্ৰেইনৰ ৰাজধানী কীয়েভত উপস্থিত হৈছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন। কীয়েভত উপস্থিত হৈ জনছনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে এক বৈঠকত মিলিত হয়।

যোৱা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইন সামৰিক অভিযান আৰম্ভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে দুয়োখন দেশৰ নেতা দুগৰাকীয়ে মুখামুখি বৈঠকত মিলিত হৈছে।

বাতৰি অনুসৰি, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ইউক্ৰেইনৰ জনসাধাৰণৰ সৈতে একাত্মবোধৰ বাৰ্তালৈ ব্যক্তিগতভাৱে জেলেনস্কিক সাক্ষাৎ কৰিবলৈ এইদৰে ৰাজধানী চহৰখনত উপস্থিত হৈছে।

বৰিছ জনছনে যুদ্ধ বিধ্বস্ত দেশখনক আৰ্থিক তথা সামৰিক সাহায্য দিয়াৰ বিষয়ে জেলেনস্কিৰ সৈতে আলোচনা কৰা বুলি জানিব পৰা গৈছে।

কীয়েভৰ ৰাজপথত দুয়োগৰাকী নেতাই খোজকাঢ়ি পৰিভ্ৰমণ কৰা দৃশ্যও পোহৰলৈ আহিছে। যুদ্ধৰ মাজতে নেতা দুগৰাকীয়ে কীয়েভৰ ৰাজপথত বিচৰণ কৰি পুটিনলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে বুলি কূটনৈতিক মহলত চৰ্চা লাভ কৰিছে।

ইয়াৰ পূৰ্বে ইউৰোপীয় কমিছনৰ মুৰব্বী উৰ্ছুলা ভন ডৰ লেইন ইউক্ৰেইনৰ ৰাজধানী কীয়েভলৈ গৈছিল। তেওঁৰ ভ্ৰমণৰ এদিন পিছতে গৈ তাত উপস্থিত হয় বৰিছ জনছন। উৰ্ছুলা ভনে গণহত্যাৰ অভিযোগ উঠা বুচা চহৰো ভ্ৰমণ কৰিছিল।

উল্লেখ্য যে ইউক্ৰেইন তথা আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পাশ্চাত্যৰ দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ আনিছে।