NORTHEAST NOW (Assamese)

ভাৰতক বিশ্বকাপ বিজয়ী কৰোৱা ক্ৰিকেটাৰ এবছৰৰ বাবে নিলম্বন

January 2, 2020 1:18 pm · এন ই নাও নিউজ
ক্ৰিকেটাৰ মনজোত কালৰা

যোৱা বছৰ অনুষ্ঠিত ১৯ অনূৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত শতকীয় ইনিংছেৰে ভাৰতীয় দলৰ বিজয়ত মুখ্য ভূমিকা লোৱা মনজোত কালৰাক বয়স ফাঁকিৰ অভিযোগত এবছৰৰ বাবে নিষেধাজ্ঞা প্ৰদান কৰিছে।

বাঁওহতীয়া বেটছমেন কালৰাই ১৬ অনূৰ্ধ্ব আৰু ১৯ অনূৰ্ধ্বত বয়স লুকোৱাৰ বাবে ডি ডি চি এৰ লোকপালে ক্ৰিকেটাৰগৰাকীক এবছৰৰ বাবে ৰঞ্জি ট্ৰফীত অংশ ল’ব নোৱাৰিব বুলি জনাইছে।

ইয়াৰ উপৰি দিল্লীৰ ছিনিয়ৰ দলৰ উপ অধিনায়ক নীতিশ ৰাণাৰ বিৰুদ্ধেও উত্থাপন হৈছে একে অভিযোগ। কিন্তু তেওঁ নিজকে নিৰ্দোশী বুলি প্ৰমাণ কৰিবলৈ অন্য নথি-পত্ৰ প্ৰদান কৰিবলৈ কোৱা হৈছে।

একেই অভিযোগ উত্থাপন হোৱা আন এগৰাকী ১৯ অনূৰ্ধ্ব ক্ৰিকেটাৰ শিৱম মাৱিৰ বিষয়টো বি চি চি আইলৈ প্ৰেৰণ কৰা হৈছে। কিয়নো তেওঁ ছিনিয়ৰ ক্ৰিকেটত উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰে।

লোকপালৰ বিচাৰপতি(অৱসৰপ্ৰাপ্ত) বদৰ দুৰেজ আহমেদে নিজৰ কাৰ্যকালৰ অন্তিম দিনটোতে উক্ত নিৰ্দেশ প্ৰদান কৰে। কালৰাই আগন্তুক দুবছৰৰ বাবে কোনো বয়স গ্ৰুপৰ খেলতে অংশ ল’ব নোৱাৰাৰ লগতে ৰঞ্জি ট্ৰফীতো অংশ ল’ব নোৱাৰিব।

বি চি চি আইৰ মতে কালৰাৰ বৰ্তমান বয়স ২০ বছৰ ৩৫১ দিন। যোৱা সপ্তাহত দিল্লীৰ হৈ ২৩ অনূৰ্ধ্বৰ মেচত অংশ লৈ পশ্চিম বংগৰ বিৰুদ্ধে ৮০ ৰানৰ দৰ্শনীয় ইনিংছ খেলিছিল।

প্ৰতিভা আৰু বেটিঙৰ ধাৰাবাহিকতাৰ বাবেই দিল্লীৰ ৰঞ্জি দলত শিখৰ ধাৱানৰ ঠাইত কালাৰাক অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা চলি আছিল যদিও এতিয়া আৰু এবছৰৰ বাবে সেয়া সম্ভৱ হৈ নুঠিব।

উল্লেখ্য যে বয়স ফাঁকি দিয়াৰ অভিযোগত অভিযুক্ত ক্ৰিকেটাৰগৰাকীক ছিনিয়ৰ ক্ৰিকেটত কিয় নিষেধাজ্ঞা জাৰি কৰিছে তাক লৈ এতিয়া বহুতেই প্ৰশ্ন উত্থাপন কৰিছে।

Related News