NORTHEAST NOW (Assamese)

আৰৱৰ ৰাজকুমাৰীৰ দাবী, আবু ধাবিৰ অনুষ্ঠানৰ পৰা বাদ পৰিল বিতৰ্কিত এংকৰ সুধীৰ চৌধুৰী

November 22, 2021 6:28 pm · এন ই নাও নিউজ, গুৱাহাটী

মুছলিম সম্প্ৰদায়ৰৰ বিৰুদ্ধে অহৰহ ভুৱা প্ৰচাৰ কৰাৰ ফলশ্ৰুতিত আবু ধাবিৰ এটা অনুষ্ঠানৰ পৰা বাদ পৰিছে সুধীৰ চৌধুৰী। জি নিউজৰ এংকৰজনক আমন্ত্ৰণ জনোৱাক লৈ আপত্তি প্ৰদৰ্শন কৰা আৰৱৰ ৰাজকুমাৰী হেণ্ড বিন্ট ফাইজাল আল কাছিমে এই দাবী কৰিছে।

দেওবাৰে ৰাজকুমাৰীগৰাকীয়ে টুইটাৰত এই দাবী কৰিছে। তেওঁ লিখে যে ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টেটছ অৱ ইণ্ডিয়াৰ আবু ধাবিৰ অনুষ্ঠানটোৰ পৰা বাদ দিয়া হৈছে চৌধুৰীক। টুইটটোত ৰাজকুমাৰীগৰাকীয়ে চৌধুৰীৰ আমন্ত্ৰণৰ বিৰোধিতা কৰি প্ৰতিষ্ঠানটোলৈ প্ৰেৰণ কৰা এখন পত্ৰও সংলগ্ন কৰিছে।

তাত ৰাজকুমাৰগৰাকীয়ে লিখিছে যে চৌধুৰী ভুৱা বাতৰি, ইছলাম’ফ’বিয়া আৰু সাম্প্ৰদায়িক ঘৃণাৰ প্ৰচাৰত অভিযুক্ত। তেনে স্থলত চৌধাৰীৰ দৰে এজন অপেছাদাৰী সাংবাদিকক আমন্ত্ৰণ জনোৱাটো আমাৰ সন্মান আৰু মৰ্যাদা হ্ৰাস কৰাটো নুবুজায়নে?

উল্লেখযোগ্য যে অনুষ্ঠানটোত চৌধাৰীক পেনেল স্পীকাৰ হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল। অৱশ্যে অনুষ্ঠানটোৰ তৰফৰ পৰা এতিয়ালৈকে চৌধুৰীক বাদ দিয়াৰ বিষয়টো ঘোষণা কৰা হোৱা নাই। কিন্তু ৰাজকুমাৰীগৰাকীৰ দৰে এগৰাকী প্ৰভাৱশালী নেত্ৰীয়ে এইদৰে টুইট কৰাটো লক্ষ্যণীয় হৈ পৰিছে।

 

যোৱা ২০ নৱেম্বৰতো অনুষ্ঠানটোলৈ সুধীৰ চৌধাৰীক আমন্ত্ৰণক লৈ চৰম আপত্তি কৰিছিল ৰাজকন্যাগৰাকীয়ে। চৌধুৰীক তেওঁ ‘সন্ত্ৰাসবাদী’ বুলিও আখ্যা দিছিল। তাৰ পাছতে আৰম্ভ হৈছিল ব্যাপক চৰ্চাৰ।

ৰাজকন্যাগৰাকীয়ে অনুষ্ঠানটোৰ আয়োজকসকলক প্ৰশ্ন কৰিছিল যে এখন শান্তিপূৰ্ণ দেশলৈ এজন ইছলামফ’বিয়াক নিমন্ত্ৰণ কৰাৰ সাহস কেনেকৈ কৰিলে? তেওঁ লিখে যে সুধীৰ চৌধুৰী এজন সোঁপন্থী হিন্দুত্ববাদী এংকৰ, ইছলামফ’বিক অনুষ্ঠানৰ জৰিয়তে ভাৰতৰ ২০০ নিযুত মুছলমানক তেওঁ লক্ষ্য কৰি লয়। চৌধাৰীৰ বহুতো প্ৰাইম টাইম শ্ব’ৱে ভাৰতীয় মুছলিমৰ ওপৰত সংঘটিত হিংসাত্মক ঘটনাসমূহত পোনপটীয়াকৈ অৰিহণা যোগাই আহিছে।

২০১৯ আৰু ২০২০ চনত সুধীৰ চৌধাৰীয়ে কা বিৰোধী আন্দোলনৰ সময়ছোৱাত মুছলমানৰ বিৰুদ্ধে সাম্প্ৰদায়িক বিষবাষ্প ছটিয়াইছিল বুলিও ৰাজকন্যাগৰাকীয়ে অভিযোগ কৰে।

আজিও ৰাজকন্যাগৰাকীয়ে এটা টুইটত লিখে যে যেতিয়া এজন অপৰাধীয়ে সমাজত বিষবাষ্প বিয়পায়, তেতিয়া ঘৰ, ব্যৱসায়স্থলী আৰু মছজিদ জ্বলি উঠে। টুইটোত তেওঁ সম্প্ৰতি ভাৰতত দেখা পোৱা মুছলিম নিধনযজ্ঞ আৰু দলিত, শিখসকলৰ প্ৰতি অত্যাচাৰলৈ আঙুলিয়াই দেখুৱায়। তেওঁ কয় যে সংযুক্ত আৰৱ এমিৰেটছত এনেধৰণৰ ঘৃণাক আদৰণি জনাব নোৱাৰি।

উল্লেখ্য যে জি নিউজৰ যোগেৰে মোদী চৰকাৰৰ প্ৰপাগাণ্ডা প্ৰচাৰ কৰি অহা সুধীৰ চৌধুৰীৰ বিৰুদ্ধে কেইবাটাও অপৰাধৰ অভিযোগ আছে। তেওঁৰ অনু্ষ্ঠান ডিএনএ ইণ্ডিয়াৰ যোগেৰে ইছলামিক জিহাদ সম্পৰ্কে ব্যাপক অপ্ৰপ্ৰচাৰ চলাই অহাৰ বাবে তেওঁৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছিল।

তদুপৰি ২০২০ চনত কৰ’ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ সময়ছোৱাতো চৌধাৰীয়ে ভাইৰাছ সংক্ৰমণৰ বাবে ভাৰতীয় মুছলিমসকলক দোষাৰোপ কৰিছিল।

Related News