NORTHEAST NOW (Assamese)

মহানগৰ আৰক্ষীৰ জালত চোৰৰ দল : একাধিক চুৰি আৰু ডকাইটিৰ অভিযোগ

November 24, 2024 9:55 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 24, 2024 7:06 pm

সমগ্ৰ মহানগৰীত ধাৰাবাহিকভাৱে অভিযান চলাই শনিবাৰে নিশা গুৱাহাটী আৰক্ষীয়ে এটা চোৰৰ দলক আটক কৰে। লতাশিল থানাৰ বিষয়াই গ্ৰেপ্তাৰ কৰে দলটোক।

বিগত কেইমাহমানৰ পৰা গুৱাহাটীত একাধিক ডকাইতি আৰু ঘৰ ভাঙি চুৰি কাণ্ড সংঘটিত হৈছে। ইয়াৰে এটা ঘটনা চিচিটিভিত বন্দী হৈছিল। সেই ফুটেজৰ ভিত্তিতেই আৰক্ষীয়ে তদন্ত চলাই চোৰৰ দলটোক কৰায়ত্ত কৰে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, এই চক্ৰটোত ৬ চোৰ আছে। ইয়াৰে ৫ টা চোৰৰ ঘৰ দৰং জিলাৰ দলগাঁৱৰ।

উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা এটা চোৰ উবেৰ চালক।

ধৃত চোৰকেইটাৰ নাম সাদেক আলী, আকবৰ আলী, লোকমান আলী, আবু বক্কৰ ছিদ্দিক, ছাইদুল ৰহমান আৰু জয়নাল আবদিন ।

Related News